APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়দান, ৰাকেশ পালসহ ৩২জন অভিযুক্তক দোষী সাব্যস্ত আদালতৰ

APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়দান, ৰাকেশ পালসহ ৩২জন অভিযুক্তক দোষী সাব্যস্ত আদালতৰ

APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায়। ৰাকেশ পালসহ ৩২জন অভিযুক্তক দোষী সাব্যস্ত। কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষী সাব্যস্ত ৰাকেশ পাল। ১১জন অভিযুক্তক দোষমুক্ত কৰে ঘোষণা আদালতে। ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত দলেক দোষী সাব্যস্ত আদালতৰ। PC আইনৰ ৭ নং ধাৰাৰ অধীনত ৭ বছৰৰ কাৰাদণ্ড বিহি আদালতে। ভঙাগড় থানাৰ 159/17 গোচৰত দোষী সাব্যস্ত ৩২গৰাকীকৈ লোক।

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰৰ ৰায়দান প্ৰদান কৰে বিশেষ ন্যায়ধীশৰ আদালতে। বিকাশ পিঞ্চা, কুনাল দাস, কৌশিক কলিতা, ছৈয়দ মুছাৰফ হুছেইন, বিউটী গগৈ, ফিৰোজ মৰাণ, জ্যোতিবন দত্ত, ছেইজালী জহৰী, ধৃতিমান ৰয়ক দোষমুক্ত ঘোষণা কৰিলে আদালতে। APSC কেলেংকাৰীত মৌচুমী শইকীয়াকো দোষমুক্ত ঘোষণা কৰিলে আদালতে। আদালতে দোষী সাব্যস্ত বিষয়াই হেৰুওৱাব চাকৰি। আদালতে দোষী সাব্যস্ত কৰাসকল আদালতৰ পৰাই যাব লাগিব কাৰাগাৰলৈ।

দোষী সাব্যস্ত হ’ল- ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং।

Shahnawaz Hamza

Related