29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

৫–৬টা ভুল প্রশ্ণোত্তৰেৰে ২০২০ বর্ষৰ পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা এপিএছচিৰ

Assamese News৫–৬টা ভুল প্রশ্ণোত্তৰেৰে ২০২০ বর্ষৰ পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা এপিএছচিৰ

অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) বিতর্কিত অধ্যক্ষ ৰাকেশ পালৰ কার্যকালৰ অন্ত পৰিলেও সংস্কাৰ নহ’ল আয়োগৰ৷ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীসমূহত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাক লৈ এতিয়াও যেন দায়বদ্ধ নহয় অসম লোকসেৱা আয়োগ৷ যাৰ বাবে প্রতিবছৰে অনুষ্ঠিত কৰা পৰীক্ষাসমূহৰ প্রশ্ণকাকতত সন্নিৱিষ্ট হৈ আহিছে ভুল প্রশ্ণোত্তৰ৷ যাৰ বাবে যোগ্য প্রার্থীয়েও যোগ্যতা অর্জনৰ ক্ষেত্রত বঞ্চিত হ’বলগীয়া হৈছে৷ পাঁচৰ পৰা ছটা ভুল প্রশ্ণোত্তৰেৰে ২০২০ বর্ষৰ প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰো অভিযোগ উত্থাপন হৈছে৷ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংস্থাটোৱে আয়োগৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ৷ সংস্থাটোৰ এডমিন মানসপ্রতিম বৰুৱাই এক বিবৃতিত প্রকাশ কৰা অনুসৰি ২০২০ বর্ষত অসামৰিক সেৱা পৰীক্ষাত সন্নিৱিষ্ট হোৱা ভুল প্রশ্ণোত্তৰসমূহৰ বিষয়ে প্রার্থীসকলে আয়োগক অৱগত কৰিছিল৷ কিন্তু পৰীক্ষাৰ ফলাফল ঘোষণাৰ প্রায় এসপ্তাহ অতিক্রম কৰাৰ পাছতো আজি পর্যন্ত আয়োগে অসামৰিক সেৱা পৰীক্ষা–২০২০ৰ কাট অফ নম্বৰ, শুদ্ধ এনচাৰ কী, প্রার্থীৰ অ’ এম আৰৰ কপী আৰু নম্বৰৰ তালিকা প্রকাশ কৰা নাই৷

বিগত বর্ষত আয়োগে ফলাফল ঘোষণা কৰাৰ দিনাই এই তথ্যসমূহ প্রার্থীসকলক প্রদান কৰিছিল বুলি উল্লেখ কৰি বৰুৱাই কয়– ‘এই বছৰ আয়োগে নিগেটিভ মার্কিঙৰ ব্যৱস্থা কৰিছে৷ সেয়েহে প্রার্থীসকলৰ বাবে কাট অফ নম্বৰ অথবা শুদ্ধ এনচাৰ কী প্রকাশ কৰাটো অত্যন্ত আৱশ্যকীয়৷ কিয়নো এটা ভুল প্রশ্ণোত্তৰে এজন প্রার্থীৰ অকল সেই নম্বৰেই হ্রাস নকৰে, বৰং নিগেটিভ মার্কিঙৰ বাবে শুদ্ধ উত্তৰৰ নম্বৰো হ্রাস কৰে৷ কিন্তু ৰহস্যজনক কাৰণত আয়োগে এই তথ্যসমূহ প্রদান কৰা নাই৷ তদুপৰি তথ্য জনাৰ অধিকাৰ আইনকো বিগত কিছু বছৰ তিলমানো কেৰেপ নকৰা হৈছে আয়োগৰ বিষয়াববীয়াসকলে৷’ আনহাতে, আয়োগৰ নতুন বিধি ভংগ কৰি আসন অনুপাতে মূল পৰীক্ষালৈ অধিক প্রার্থী বাছনি কৰা বুলিও সংস্থাটোৱে অভিযোগ কৰিছে৷ এক বিবৃতিত তেওঁলোকে প্রকাশ কৰা অনুসৰি ২০১৯ৰ নতুন বিধিৰ ৫(১) v) অনুসৰি মুঠ আসনৰ ১২ শতাংশতকৈ অধিক প্রার্থী প্রাৰম্ভিক পৰীক্ষাৰ পৰা মূল পৰীক্ষালৈ বাছনি কৰিব নোৱাৰে৷ কিন্তু এইবাৰ আয়োগে প্রায় ৪৫জনৰো অধিক প্রার্থী মূল পৰীক্ষালৈ বাছনি কৰিছে৷ যোৱা কিছু বছৰ ধৰি বিসংগতিমুক্তভাৱে আয়োগে কোনো এটা পৰীক্ষাই অনুষ্ঠিত কৰিব পৰা নাই বুলি উল্লেখ কৰি বিবৃতিটোত বৰুৱাই উল্লেখ কৰা অনুসৰি ৰাকেশ পালৰ কার্যকালতকৈও অধিক ভুল প্রশ্ণোত্তৰেৰে বর্তমানৰ আয়োগে পৰীক্ষাসমূহ অনুষ্ঠিত কৰি আহিছে৷

সেই অনুসৰি ২০১৩ চনৰ প্রাৰম্ভিক পৰীক্ষাত ৪২টা, ২০১৪ৰ প্রাৰম্ভিক পৰীক্ষাত ৫টা ভুল প্রশ্ণোত্তৰেৰে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল৷ কিন্তু ৰাকেশ পাল গ্রেপ্তাৰ হোৱাৰ পাছত ২০১৬ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষাত মুঠ ১৯টা ভুল প্রশ্ণোত্তৰ সন্নিৱিষ্ট হৈছিল৷ সেইদৰে ২০১৮ চনৰ সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষাত ৩৫টা ভুল প্রশ্ণোত্তৰ সন্নিৱিষ্ট হৈছিল৷ ২০১৬ বর্ষত আয়োগে ১৩১টা আৰু ২০১৮ত ৯৪টা প্রশ্ণোত্তৰ নিজাববীয়াকৈ শুদ্ধ কৰাৰ পাছতো ক্রমে ১৯টা আৰু ৩৫টা ভুল পৰিলক্ষিত হৈছিল৷ এই প্রসংগতে মানসপ্রতিম বৰুৱাই কয় যে ৰাকেশ পালৰ কার্যকালতে ১৩১টা আৰু ৯৪টাকৈ প্রশ্ণোত্তৰ শুদ্ধ কৰা হোৱা নাছিল৷ ২০১৮ চনত অসামৰিক সেৱাৰ পৰীক্ষাৰ প্রাৰম্ভিক পৰীক্ষাত বাছনিভুক্ত নোহোৱা ৬জন প্রার্থীয়েও অসামৰিক সেৱা, ভূমি, ৰাজহ সেৱাৰ দৰে পদলৈ বাছনিভুক্ত হ’ল৷ অর্থাৎ ৰাকেশ পালৰ দিনতকৈও প্রকৃততে অধিক অনিয়ম আৰু বিসংগতিৰে পৰীক্ষা অনুষ্ঠিত কৰিছে বর্তমানৰ সংস্কাৰ হোৱা বুলি ঘোষণা কৰা অসম লোকসেৱা আয়োগে৷ সেয়েহে এইক্ষেত্রত মুখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এ পি এছ চি নামৰ সংস্থাটোৱে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!