অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰা বলীউডৰ অন্যতম জনপ্ৰিয় যুটি । বলীউডত অভাৱ নাই দুয়োৰে অনুৰাগীৰ । তেওঁলোক দুয়োৰে অনুৰাগী সকলৰ বাবে এটা সুখবৰ । দৰাচলতে অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাৰ বিয়াৰ খবৰ ওলাইছে৷ গোপন সূত্ৰ অনুসৰি, অৰ্জুন কাপুৰে এই বছৰতেই বিয়া পাতিব মালাইকাক ।
অৰ্জুন আৰু মালাইকাই তেওঁলোকৰ সম্পৰ্ক পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াই নিব বিচাৰিছে| সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই বছৰৰ শেষৰ ফালে তেওঁলোকে মুম্বাইত বিবাহ পাশত আৱদ্ধ হ’ব । এক ব্যক্তিগত অনুষ্ঠান বিয়া পাতিব দুয়োৱে৷ কেৱল মাত্ৰ নিকট আত্মীয় আৰু বিশেষ বন্ধুবৰ্গহে উপস্থিত থাকিব বিয়াত । কাপুৰ পৰিয়াল আৰু মালাইকাৰ পৰিয়াল বিয়াৰ মুখ্য আকৰ্ষণ হ’ব ।
জানিবলৈ পোৱা মতে মালাইকাই তেওঁৰ বিয়াত এখন ধুনীয়া ডিজাইনাৰ শাৰী পিন্ধিব । আনহাতে অৰ্জুনে বিয়াৰ বাবে পিন্ধিব এটা সাধাৰণ কুৰ্তা । এতিয়া সকলোৰে অপেক্ষা মাথো তেওঁলোকৰ বিবাহৰ তাৰিখলৈ । অৰ্জুন আৰু মালাইকাই বহু বছৰ ধৰি ইজনে সিজনক ডেট কৰি আছে ।