“অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট”–এইবাৰ বলীউদত নতুন ছবিৰ নাম

“অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট”–এইবাৰ বলীউদত নতুন ছবিৰ নাম

গুৱাহাটী: বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে।ইয়াৰ মাজতে বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বলীউদক জনসাধাৰণৰ মাজত যিধৰণে উপস্থাপন কৰিছে তাত অসন্তুষ্ট হৈ পৰিছে পৰিচালক ৰাম গোপাল বাৰ্মা।উল্লেখযোগ্য যে,বাৰ্মাই এটাৰ পাছত আন এটা টুইটৰ জৰিয়তে সাংবাদিক গৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে।ইতিমধ্যে ৰাম গোপাল বাৰ্মাই কয় যে, “তেওঁ অৰ্ণৱৰ ওপৰত এখন ছবি কৰাৰ কথা ঠিক কৰিছে।য’ত তেওঁক নগ্ন ৰূপত দাঙি ধৰা হ’ব।তাতেই তেওঁৰ সকলো দুৰ্নীতি পোহৰলৈ অনা হ’ব।ছবিখনৰ নাম ৰখা হ’ব ‘অৰ্ণৱ-দ্য নিউজ প্ৰষ্টিটিউট।ছবিৰ শিৰোনাম কিছু অশ্লীল হলেও,অৰ্ণৱৰ ক্ষেত্ৰত সেয়া একেবাৰে উপযুক্ত নাম।”

(Source: দৈনিক জনমভূমি)

GTM Desk