মহানগৰীত উৎকোচ লৈ দুৰ্নীতি নিৰ্বাৰকৰ জালত লাট মণ্ডল সহ দালাল

মহানগৰীত উৎকোচ লৈ দুৰ্নীতি নিৰ্বাৰকৰ জালত লাট মণ্ডল সহ দালাল

মহানগৰীত উৎকোচ লৈ পুনৰ আটক হ’ল লাট মণ্ডল সহ এটা দালাল ৷ গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল স্বপ্না মেধিক পাঁচ হাজাৰ টকা ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ লগতে গ্ৰেপ্তাৰ কৰে মাহফুজুৰ ৰহমান নামৰ দালাল এটাক ৷

মাটিৰ নামজাৰিৰ নামত লাট মণ্ডলৰ হৈ আটকাধীন দালালটোৱে লৈছিল উৎকোচ ৷ দালালটোৰ স্বীকাৰোক্তিৰ ভিত্তিত দুৰ্নীতি নিৰ্বাৰকে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল স্বপ্না মেধিক ৷

Shahnawaz Hamza