fbpx
February 13, 2021

আজি বিধানসভাৰ নতুন ভৱনত আৰম্ভ হ’ল সদন

দীঘলীয়া প্রতীক্ষাৰ অন্তত শুকুৰবাৰে অসম বিধানসভাৰ নির্মীয়মাণ ভৱন মুকলি হ’ল৷ দিছপুৰৰ পুৰণি জনতা ভৱনৰ স্থানত নির্মাণ হোৱা ভৱনটো সম্পূর্ণ হ’বলৈ বহু বাকী আছে যদিও অনানুষ্ঠানিকভাৱে আজি এটা দিনৰ বাবে উক্ত ভৱনতে বহিব সদন৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী, উপাধ্যক্ষ আমিনুল হক লস্কৰৰ লগতে কেইবাজনো বিধায়কে আজি নির্মীয়মাণ ভৱনটো পৰিদর্শন কৰে৷ উল্লেখ্য যে আজি অন্ত পৰিব ১৪সংখ্যক বিধানসভা অধিৱেশন৷ নির্বাচনৰ পাছত গঠন হ’ব লগা পঞ্চাদশ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব এই নতুন ভৱনত৷ নির্মীয়মাণ এই ভৱনটো কি ধৰণে সজাই–পৰাই তোলা হৈছে, তাক প্রত্যক্ষ কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্রী সোণোৱাল আৰু বিত্তমন্ত্রী ড০ শর্মাৰ লগতে কেইবাজনো মন্ত্রী–বিধায়কে দুপৰীয়াৰ ভাগত ভৱনটোত উপস্থিত হয়৷ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে মুখ্যমন্ত্রীৰ লগতে আন মন্ত্রী–বিধায়কসকলে তন্ন তন্নকৈ নতুন ভৱনটো পৰিদর্শন কৰোৱায়৷

উল্লেখ্য যে নতুন ভৱনটো যথেষ্ট আটকধুনীয়া আৰু অত্যাধুনিক ৰূপত সজাই–পৰাই তোলা হৈছে৷ বেৰত বৃন্দাবনী বস্ত্রৰ ৰূপৰেখা খোদিত কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে আজি এই সকলো দিশ পৰিদর্শন কৰি ভৱনটো আহল–বহল আৰু আকর্ষণীয় হৈছে বুলি মন্তব্য কৰে৷ বর্তমানৰ বিধানসভাৰ ভৱনতকৈ যথেষ্ট আহল–বহল ভৱনটো পৰিদর্শন কৰি মুখ্যমন্ত্রীৰ মন্তব্য– নতুন ভৱনে বিধায়কসকলৰ মন বহল কৰিব৷ ইফালে নতুন ভৱন পৰিদর্শন কৰি কেইবাজনো বিধায়ক আজি আপ্লুত হৈ পৰে৷ বিধায়িকা নৱনীতা সন্দিকৈয়ে নতুন ভৱনৰ আসনত বহি মাইক অন কৰি অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে, ৰূপজ্যোতি কুর্মীয়ে নতুন ভৱনৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷ আজি নতুন ভৱন পৰিদর্শনৰ পাছত মুখ্যমন্ত্রী আৰু মন্ত্রী ড০ শর্মাই আন মন্ত্রী, বিধায়ক আৰু অধ্যক্ষৰ সৈতে ভৱনটোতে কিছু সময় পাৰ কৰে৷ ইফালে আজি বিয়লিৰ ভাগত অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে কাইলৈ নতুন ভৱনত অন্তিমখন অধিৱেশনৰ এদিনৰ কার্যসূচী অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷

উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাৱৰ বিতর্কৰ উত্তৰ দিয়াৰ কথা আছিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ কিন্তু বিয়লিৰ ভাগত অধ্যক্ষই এই কথা অৱগত কৰে যে নতুন ভৱনতহে আজি মুখ্যমন্ত্রীয়ে বিতর্কৰ উত্তৰ দিব৷ উল্লেখ্য যে আজিৰ ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাৱত অংশগ্রহণ কৰি বর্তমানৰ ৰাজ্য চৰকাৰখনে সকলো শ্রেণীৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিলে কেইবাজনো শাসকীয় বিধায়কে৷ বিতর্কত অংশগ্রহণ কৰি পদ্ম হাজৰিকাই ৰাজ্যত স্থায়ী শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন সফল হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ২০০৭ চনত উগ্রপন্থীৰ দ্বাৰা গুলীবিদ্ধ হৈছিলোঁ মই৷ ২০১৪ চনত বিশ্বনাথত নিৰীহ শতাধিক লোকক হত্যা কৰিছিল উগ্রপন্থীয়ে৷ বিৰোধীয়ে ২০০১ চনৰ পৰা অসমত শান্তি প্রতিষ্ঠা কৰা বুলি যি দাবী কৰে, তাৰ বিপৰীত ছবিহে বিগত ১৫ বছৰত স্পষ্ট হৈছিল৷ চৰকাৰে দায়িত্ব সহকাৰে কাম কৰা বাবেহে শান্তি প্রতিষ্ঠা হৈছে৷

আনহাতে, নলবাৰীৰ বিধায়ক অশোক শর্মাই কয় যে বর্তমান চৰকাৰৰ উন্নয়ন দেখি স্তম্ভিত হৈছে বিৰোধী৷ যাৰ বাবে ভুৱা কথাৰে বিভিন্ন ধৰণৰ অভিযোগ তুলি আহিছে কংগ্রেছে৷ এই চৰকাৰৰ দিনত এছ আই কেলেংকাৰি হোৱা বুলি বিৰোধীয়ে কৰা অভিযোগৰ বিপৰীতে কিন্তু ইয়াত দুর্নীতিৰ বিৰুদ্ধে লোৱা পদক্ষেপহে৷ এছ আই পৰীক্ষৰ খেলিমেলিত জড়িত লোক এতিয়া কাৰাগাৰত৷ কেলেংকাৰি হৈছিল লোকসেৱা আয়োগত৷ কংগ্রেছৰ দিনত হোৱা এই কেলেংকাৰিৰ নায়কক বর্তমান চৰকাৰে জে’ললৈ পঠাবলৈ সক্ষম হৈছে৷ ইফালে বিতর্কত অংশগ্রহণ কৰি এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে মাদ্রাছা বন্ধ কৰি সংস্কৃত টোলৰ ক্ষেত্রত চৰকাৰৰ নীৰৱতা যে নির্বাচনকেন্দ্রিক, সেয়া স্পষ্ট হৈছে বুলি উল্লেখ কৰে৷ আনহাতে, বি পি এফৰ বিধায়িকা কমলী বসুমতাৰীয়ে ৰাজ্যত শান্তি প্রতিষ্ঠা হৈছে যদিও বি টি এ ডিত এতিয়াও চৰম অশান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰে৷ আজিৰ বিতর্কত বিজেপি বিধায়ক দেৱানন্দ হাজৰিকা, ৰণোজ পেগু, বিমল বৰা, তেৰছ গোৱালা, জয়ৰাম ইংলেং, নৱনীতা সন্দিকৈ, কিশোৰ নাথ, অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, প্রদীপ হাজৰিকা, কংগ্রেছ বিধায়ক নুৰুল হুদা, ৰ’জলীনা তির্কী, ৰূপজ্যোতি কুর্মী আৰু বি পি এফৰ বিধায়ক চৰণ বড়োয়ো অংশেগ্রহণ কৰে৷

error: Content is protected !!