বিধায়ক আৱাসত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক জিম, টি-কফি বাৰ!

1 min read

বিধায়ক হৈ আহি বদৰুদ্দিন আজমল পুত্ৰ আব্দুৰ ৰহিম আজমলে বিধায়ক আৱাস চৌহদত বিচাৰিছিল জীম, ছুইমিং পুল ৷ সেয়া আছিল চতুৰ্দশ বিধানসভাৰ কথা ৷ পঞ্চদশ বিধানসভাত আজমল পুত্ৰ নাথাকিলেও বিধায়ক আৱাসৰ চৌহদত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে অত্যাধুনিক জীম আৰু টি কফি বাৰ ৷ আৰু কেতবোৰ পৰিৱৰ্তনো হ’বলৈ গৈ আছে বিধায়ক আৱাসৰ চৌহদত ৷

এম এল এ ক্লাৱ হাউছ নিৰ্মাণ হ’ল। এতিয়া জীমৰ সামগ্ৰী বহুৱাৰ কাম আৰম্ভ হ’ব সোমবাৰৰ পৰা। পূৰ্বতে বিধায়ক মৃনাল শইকীয়া, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ, ৰাম কৃষ্ণ ঘোষ আৰু ড: ৰফিকুল ইছলাম থকা আছাম টাইপ বাসগৃহ ভাঙি দিছে কৰ্তৃপক্ষই।

উল্লেখ্য যে, অসম বিধানসভাৰ আৱাসগৃহ চৌহদত নাথাকিব আছাম টাইপ বাসগৃহ। আছাম টাইপ বাসগৃহৰ স্থানত নিৰ্মাণ হব দুটা দহ মহলীয়া সুউচ্চ এম এল এ টাৱাৰ। ১৯৮৫ চনৰ পৰা  প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত থকা বিধানসভা চৌহদৰ বাসগৃহতো কিছুদিন পূৰ্বে ভাঙি পেলোৱা হয়। আৰু এতিয়া সেই ঘৰটোৰ স্থানত নিৰ্মাণ কৰা হৈছে বিল্ডিং।এতিয়া বিধায়ক নহয় যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক উপাধ্যাক্ষৰ কাষতে বিধান সভা সচিবালয়ে দিছে দুটা বিকল্প বাসগৃহ।

অসম বিধান সভাত ক্লাৱ হাউছ, জীম স্থাপন হোৱাত উৎফুল্লিত হৈছে যুৱ বিধায়কসকল। অসম বিধান সভা প্ৰকল্পত ন ন সুবিধা স্থাপন কৰি সমগ্ৰ প্ৰকল্পটো জিলিকাই তুলিব বিচাৰিছে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যাক্ষ ডা: নোমল মমিনে।

You May Also Like

More From Author