চকাবন্ধ চলি আছেই তাৰ মাজতে শনিবাৰে অসম বন্ধ! কোন সংগঠনৰ বন্ধৰ আহ্বান আৰু কিয়?

মটৰ পৰিবহন সন্থাৰ অনিৰ্দিষ্টকালীন চকা বন্ধ চলি থকাৰ মাজতে এইবাৰ অসম বন্ধৰ আহ্বান।  এই অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে।

শনিবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈকে মুঠ ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।

সংগঠনটোৰ মতে এই বন্ধৰ আহ্বানলৈ সমৰ্থন আগবঢ়াইছে কলিতা জনগোষ্ঠীৰ কেওটা সংগঠনে।

কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ এই বন্ধৰ মূল দাবীসমূহৰ ভিতৰত আছে, কলিতা জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ কৰা, প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, কলিতা উন্নয়ন পৰিষদ গঠন কৰা, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা, কলিতা জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত ৩০ শতাংশ আসন সংৰক্ষণ কৰা।

দাবীসমূহ মানি নলয় তেন্তে ভৱিষ্যতৰ দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই।

অৱশ্যে, এই বন্ধৰ সময়ত জৰুৰীকালীন সেৱাৰ চলাচলৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে সংগঠনটোৱে।

Source:News18 Assam

You May Also Like

More From Author