‘প্রভাৱশালী’ বিজেপি কর্মী ৰাজীৱ পৰাশৰক আটক ক্রাইম ব্রাঞ্চৰ

0 min read

এছ আই নিযুক্তি কেলেংকাৰিক লৈ জোকাৰণি সৃষ্টি হৈ থকাৰ সময়তে শুকুৰবাৰে পুনৰ আন এক ভূকম্পৰ সৃষ্টি কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰিয়ে। শুকুৰবাৰে নিশাৰ ভাগত অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ নিযুক্তি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আটক কৰে বিজেপি কর্মী ৰাজীৱ পৰাশৰক৷ উল্লেখ্য যে ৰাজীৱ পৰাশৰ দিছপুৰৰ শীর্ষ মহলৰ ঘনিষ্ঠ ব্যক্তি ৰূপে পৰিচিত৷ ক্রাইম ব্রাঞ্চে এক নিজাববীয়া গোচৰৰ অধীনত গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ জে কে এপার্টমেণ্টৰ সপ্তম মহলাত থকা পৰাশৰৰ ফ্লেটত তালাচী চলাই তেওঁ ব্যৱহাৰ কৰা ম’বাইল, লেপটপ আৰু গাড়ীখন জব্দ কৰে৷ ইয়াৰ লগতে ফ্লেটটোত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তিৰ সৈতে সংযোগ থকা বিভিন্ন নথি–পত্রও উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে৷ আনহাতে, ক্রাইম ব্রাঞ্চে এই সংক্রান্তত জি এছ ৰোডত থকা অনিল প্লাজাৰ এটা বিশেষ ফ্লেটতো তালাচী অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে বিগত বর্ষত ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত হোৱা নিযুক্তিৰ ক্ষেত্রত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ বিশেষকৈ একাংশ বিজেপি নেতা–কর্মীৰ আত্মীয় আৰু বহু প্রার্থীক ধনৰ বিনিময়ত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল৷ এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হৈছিল যদিও শেষত বিভাগে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰিবলৈ সক্ষম হয়৷ অসম আৰক্ষীৰ এছ আই নিযুক্তি কেলেংকাৰি ফাদিল হোৱাৰ পাছতেই পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰিৰ তথ্যও পোহৰলৈ আহিছিল৷ ইয়াৰ পাছতেই  ক্রাইম ব্রাঞ্চে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ৰাজীৱ পৰাশৰৰ দৰে দিছপুৰৰ ঘনিষ্ঠ বিজেপি কর্মীক আটক কৰা আৰু তেওঁৰ বাসগৃহত তালাচী অভিযান চলোৱাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

You May Also Like

More From Author