Advertisement

অসম গ্ৰন্থমেলাত গ্রন্থপ্রেমীৰ ভিৰ অব্যাহত

অসম গ্ৰন্থমেলাত গ্রন্থপ্রেমীৰ ভিৰ অব্যাহত

গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত নৱবৰ্ষৰ পহিলা দিনটোত কালি গ্রন্থপ্রেমী লোকে ভিৰ কৰা পৰিলক্ষিত হয়। দিনৰ ১০ বজাত প্ৰৱেশদ্বাৰ মুকলি হোৱাৰে পৰা নিশা পৰ্যন্ত গ্ৰন্থৰ সান্নিধ্য বিচাৰি শিক্ষাৰ্থী, লেখক, সাহিত্যিককে ধৰি সাধাৰণ ৰাইজে গ্রন্থমেলাথলী ভৰি পৰে। অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাই যৌথভাৱে অনুষ্ঠিত কৰা গ্ৰন্থমেলাত কালি নিশালৈকে প্ৰায় ৫০ হাজাৰ লোকে টিকট ক্ৰয় কৰি প্ৰৱেশ কৰে বুলি আয়োজকৰ সূত্ৰই জানিবলৈ দিছে।বিগত কেইবা বছৰো ধৰি চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাথলীত বছৰৰ প্ৰথমটো দিনটোত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈ আহিছে। উল্লেখযোগ্য যে, গ্রন্থমেলাথলীত পুৱাৰে পৰা জনসমাগম অব্যাহত থকাৰ লগতে গ্ৰন্থ বিপণীসমূহত কিতাপৰ বিক্ৰীও আশাপ্ৰদ বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে বিজ্ঞান শিক্ষা তথা অন্যান্য শিকন সামগ্ৰীসমূহৰ বিক্ৰীও ব্যাপক হাৰত বৃদ্ধি পাইছে। গ্রন্থমেলাৰ নিয়মীয়া কাৰ্যসূচী অনুসৰি অনুষ্ঠিত এখন আলোচনা চক্ৰত কালি লেখক খনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে আলোচকৰূপে অংশগ্ৰহণ কৰাৰ লগতে ড° অপূৰ্ব কুমাৰ শ‍ইকীয়াই পৰিচালনা কৰা অনুষ্ঠানটিত লীনা শৰ্মা, শিৱানন্দ কাকতি, জয়ন্ত মাধৱ বৰা, মনালিছা শ‍ইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। ইপিনে বিয়লিৰ ভাগত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত আন এখন আলোচনা চক্র সাহিত্য আলচ অনুষ্ঠিত হয়।

Shahnawaz Hamza

Related