জম্মু কাশ্মীৰত শ্বহীদ ধেমাজিৰ চিআৰপিএফ জোৱান মৃত্যুঞ্জয়

1 min read

গুৱাহাটীঃ জম্মু-কাশ্মীৰত দেশমাতৃৰ বাবে মৃত্যুক আঁকোৱালি ল’লে ধেমাজিৰ মৃত্যুঞ্জয়ে। বুধবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে শ্বহীদ হয় চিআৰপিএফৰ ১১৫ নং বেটেলিয়নৰ জোৱান তথা ধেমাজিৰ চিচিবৰগাঁৱৰ সন্তান মৃত্যুঞ্জয় চুতীয়া।

চবিলাল চুতীয়া আৰু চন্দিকা চুতীয়াৰ কনিষ্ঠ পুত্ৰ মৃত্যুঞ্জয়ে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উভয়তে লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে পদাৰ্থ বিজ্ঞানক গুৰু বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। মেধাৱী যুৱকজনৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ ইচ্ছা আছিল যদিও পৰিয়ালটোক আৰ্থিক সকাহ প্ৰদান আৰু দেশমাতৃক সেৱা কৰাৰ উদ্দেশ্যে ২০১৮ চনত যোগ দিছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফত। চাকৰিত যোগ দিয়াৰ আগে আগে তেওঁ অধ্যয়ন কৰা মৰিধল মহাবিদ্যালয়ত দান দি গৈছিল কিতাপ-পত্ৰবোৰ।

অতি অমায়িক আৰু মেধাৱী মৃত্যুঞ্জয়ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ জন্মভূমিত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। মাত্ৰ ২৭ বছৰীয়া যুৱকজনৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালৰ লগতে তেওঁৰ বন্ধু-বান্ধৱ আৰু স্থানীয় ৰাইজ। কান্দোনৰ ৰোল উঠিছে মৃত্যুঞ্জয়ৰ ঘৰখনত।
জননীৰ স্বাৰ্থত প্ৰাণ আহুতি দি মৃত্যুঞ্জয়ে প্ৰকৃতাৰ্থত যেন জিনি গ’ল মৃত্যুক-জোৱানজনৰ ত্যাগ আৰু কৰ্তব্যনিষ্ঠাক সুঁৱৰি আজি সকলোৱে এনেদৰেই অনুভৱ কৰিছে।

 

Source: News Live TV

You May Also Like

More From Author