Advertisement

ওদালগুৰিত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

ওদালগুৰিত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন

শ্ৰমিক সকলৰ অধিকাৰ, প্ৰাপ্য, ন্যায় বিভিন্ন সময়ত এইবোৰ খৰ্ব কৰা পৰিলক্ষিত হয় | প্ৰাপ্য মজুৰিৰ পৰা বিভিন্ন সময়ত শ্ৰমিক সকল বঞ্চিত হ’বলগীয়া হয় | বছৰৰ এটা দিন অৰ্থাৎ ১ মে’ তাৰিখে যেন শ্ৰমিক সকলৰ পক্ষ্যত মাত মাতিবলৈ মন্ত্ৰী-বিধায়ক সকলে মঞ্চত উদ্দান্ত ভাষণ প্ৰদান কৰে |

আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ঔৰাংগাজুলি চাহ বাগিচাত অসম চাহ মজদুৰ সংঘ,মংগলদৈ শাখাৰ উদ্যোগত উদযাপন কৰা হয় শ্ৰমিক দিৱস | অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী লগতে প্ৰাক্তন কেন্দ্ৰীয় ডনাৰ’ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ | বাগিচা সমূহত কাম কৰা শ্ৰমিক সকলৰ উপস্থিতিত নিজৰ ভাষণ প্ৰদান কৰি বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে, শ্ৰমিক সকলক বিভিন্ন সময়ত শোষণ কৰা হয় | ৮ ঘন্টাৰ সলনি ১২ ঘন্টা কাম কৰিবলৈ দিয়া হয় |

এইবোৰ অনিয়ম সোনকালে বন্ধ কৰা হ’ব | আনহাতে চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ কৰাক লৈ চৰকাৰে চিন্তা-চৰ্চা কৰি থকা বুলি কয় প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰে | যি সময়ত ৰাজ্যত মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোছাইছে ,সেই সময়ত বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে মূল্যবৃদ্ধিৰ সম্পৰ্কে গাঁ এৰা মন্তব্য আগবঢ়াই | মিঠাতেল দাম বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ কয় যে, কোম্পানী সমূহে কিহৰ বাবে মিঠাতেলৰ দাম বৃদ্ধি কৰিছে সুধিব লাগিব | এইদৰে আচলতে চৰকাৰক মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সমৰ্থন জনোৱা পৰিলক্ষিত হয় |

Shahnawaz Hamza

Related