সুদীর্ঘ ১৬ বছৰৰ পাছত অসম চুক্তিক লৈ মুখ্যমন্ত্রী পর্যায়ত বৈঠক

1 min read

৮৫৫ শ্বহীদৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ ৩৫ বছৰৰো অধিক সময় অতিক্রম কৰিলে৷ এক দীঘলীয়া পৰিক্রমা অতিক্রম কৰি অহা অসম চুক্তি কার্যকৰী কৰাৰ ক্ষেত্রত এতিয়াও আইনগত বাধা, কাৰিকৰী ত্রুটি তথা একাধিক অজুহাতত পিছপৰি আছে৷ অসমীয়াৰ স্বাভিমানৰ সৈতে জড়িত হৈ থকা অসম চুক্তি কার্যকৰী কৰাৰ ক্ষেত্রত ইতিমধ্যে বহু বৈঠক তথা আলোচনা অনুষ্ঠিত হৈ গৈছে যদিও চুক্তিখনৰ দফাসমূহ কার্যকৰী কৰাৰ বিষয়টো চর্চাৰ মাজতে সীমাবদ্ধ আছে৷ ইয়াৰ মাজতে চুক্তিখনৰ দিশসমূহ আলোচনাৰ বাবে আগবাঢ়ি আহিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা তথা ৰাজ্য চৰকাৰ৷ অসম চুক্তিৰ মূল স্বাক্ষৰকাৰী সদৌ অসম ছাত্র সন্থা (আছু)ক আনুষ্ঠানিকভাৱে পত্র প্রেৰণ কৰি আজিৰ আলোচনাৰ বাবে আমন্ত্রণ জনাইছে ৰাজ্য চৰকাৰে৷

আজি বিয়লি ৩ বজাত কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হ’ব বহুচর্চিত অসম চুক্তিৰ বিভিন্ন দিশক লৈ আলোচনা৷ উল্লেখ্য যে ২০০৫ চনৰ ৫ মে’ত অসম চুক্তিক লৈ কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আছুৰ মাজত অনুষ্ঠিত হৈছিল ত্রিপাক্ষিক বৈঠক৷ ইয়াৰ পূর্বে ২০০৫ চনৰে ২ মে’ত অসম চুক্তিক লৈ মুখ্যমন্ত্রী পর্যায়ত অনুষ্ঠিত হৈছিল প্রথমখন বৈঠক৷ উক্ত বৈঠকৰ পাছত সুদীর্ঘ ১৬ বছৰৰ অন্তত এইবাৰ অসম ভূমিত চুক্তিখনক লৈ অনুষ্ঠিত হ’ব মুখ্যমন্ত্রী পর্যায়ৰ দ্বিতীয়খন বৈঠক৷ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ অধ্যক্ষতাত ২০০৫ চনৰ ২ মে’ত অনুষ্ঠিত হোৱা প্রথমখন মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকৰ পাছতে দিল্লীত অনুষ্ঠিত হৈছিল ত্রিপাক্ষিক বৈঠক৷ দিল্লীত অনুষ্ঠিত ত্রিপাক্ষিক বৈঠকত মুখ্যতঃ আঠটা বিষয়ক লৈ আলোচনা হৈছিল৷

এই আঠটা বিষয়ৰ ভিতৰত আছিল আই এম ডি টি আইন, এন আৰ চি, ভাৰত–বাংলা সীমান্তৰ ব্যৱস্থাপনা, সাংবিধানিক ৰক্ষাকৱচ, অর্থনৈতিক ব্যৱস্থা, চুক্তি ৰূপায়ণৰ সময় নির্ধাৰণ, প্রশাসনিক সংস্কাৰ আৰু নাগৰিকত্ব আইন৷ এই আঠটা বিষয়ৰ ওপৰত হোৱা আলোচনা অনুসৰি পৰৱর্তী সময়ত ৰাজ্যত এন আৰ চি উন্নীতকৰণ প্রক্রিয়া আৰম্ভ হৈছিল৷ সেইদৰে ১৫ বছৰীয়া কংগ্রেছৰ কার্যকালৰ পাছত দিছপুৰত গঠন হোৱা বিজেপি নেতৃত্বাধীন সর্বানন্দ সোণোৱাল চৰকাৰে সাংবিধানিক ৰক্ষাকৱচৰ ক্ষেত্রত গ্রহণ কৰিছিল এলানি বিশেষ পদক্ষেপ৷ অসম চুক্তিৰ ৬নং দফাত থকা সাংবিধানিক, বিধায়িনী আৰু প্রশাসনিক ৰক্ষাকৱচৰ বিষয়টোৰ ক্ষেত্রত গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীয়ে ইতিমধ্যে আনুষ্ঠানিক প্রতিবেদন দাখিল কৰিছে৷ এই পর্যায়তে ৰৈ যোৱা বিষয়সমূহ আগুৱাই নিয়াৰ ক্ষেত্রত আছুৱে বিগত সময়ছোৱাত দাবী উত্থাপন কৰি আহিছে৷

সেই অনুসৰিয়েই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত কাইলৈ অনুষ্ঠিত হ’ব দ্বিতীয়খন আনুষ্ঠানিক বৈঠক৷ দিছপুৰৰ সূত্রই প্রকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বিষয়টো গুৰুত্ব সহকাৰে গ্রহণ কৰাৰ পাছত কাইলৈ অনুষ্ঠিত হ’ব লগা বৈঠক যথেষ্ট তাৎপর্যপূর্ণ হ’ব বুলি ধাৰণা কৰা হৈছে৷ ইতিমধ্যে দায়িত্বভাৰ গ্রহণৰ পাছতহে অসম চুক্তি বিভাগৰ মন্ত্রী অতুল বৰাই আছুৰ সৈতে বৈঠক অনুষ্ঠিত কৰি চুক্তিৰ বিভিন্ন দফাসমূহ কার্যকৰী কৰা সন্দর্ভত প্রাৰম্ভিক আলোচনাত মিলিত হৈছিল৷ উক্ত আলোচনাৰ আঁত ধৰিয়েই কাইলৈ কইনাধৰাত মুখ্যমন্ত্রী পর্যায়ত অনুষ্ঠিত হ’ব অসম চুক্তিৰ দ্বিতীয়খন আনুষ্ঠানিক বৈঠক৷ বৈঠক সন্দর্ভত আছুৱে কোনো প্রতিক্রিয়া ব্যক্ত কৰা নাই যদিও আজিৰ বৈঠকে চুক্তি ৰূপায়ণৰ ক্ষেত্রত থকা কাৰিকৰী আৰু আইনগত দিশসমূহ এই আলোচনাত আঁতৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে ছাত্র সংগঠনটোৱে

(Source: Niyomiya Barta)

You May Also Like

More From Author