পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব 50 শতাংশ PSO : ঘোষণা মুখ্যমন্ত্ৰীৰ

1 min read

দুলীয়াজানত অনুষ্ঠিত হোৱা দ্বিতীয় আৰক্ষী অধীক্ষকৰ সন্মিলন সামৰণি পৰিল। দুয়োটা দিনতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত থাকি আৰক্ষী অধীক্ষক সকলৰ পৰা প্ৰতিখন জিলাৰ পৰিস্থিতি বুজ লয়। সন্মিলনৰ সামৰণিত সাংবাদিক সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অসম আৰক্ষীক সম্পূৰ্ণ ন-ৰূপ দিয়াৰ বাবে অসম আৰক্ষীৰ আধুনিকীকৰণ, আন্তঃগাঁথনিগত সা-সুবিধা, নিৰাপত্তাজনিত ব্যয়, অপৰাধ, অনুসন্ধান, নিযুক্তি প্ৰক্ৰিয়া আদিকে ধৰি প্ৰায়বোৰ বিষয়েই আলোচনা কৰা বুলি জানিবলৈ দিয়ে । অপৰাধী আৰু ড্ৰাগছ বিৰোধী অভিযান, ৰাষ্ট্ৰীয় সম্পদৰ সুৰক্ষা সুনিশ্চিত, চান্দা-ধন দাবীৰ জৰিয়তে ব্যৱসায়ী-বিনিয়োগকাৰীক কৰা হাৰাহাস্তি ৰোধৰ বাবেই আৰক্ষীক কঠোৰ হোৱাৰ নিদেৰ্শ মুখ্যমন্ত্ৰীৰ । এতিয়াৰে পৰা বন্ধ দিয়া সংগঠনে ক্ষতিপূৰণ দিব লাগিব বুলিও সংবাদমেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । লগতে কয় যে, বিগত আঠ মাহত বিভাগীয় সংস্কাৰ আৰু কৰ্মদক্ষতাৰ ক্ষেত্ৰত অসম আৰক্ষীলৈ প্ৰশংসনীয় পৰিৱৰ্তন আহিছে । অসম আৰক্ষীৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এটা কেলেণ্ডাৰ বৰ্ষত পঞ্জীয়ন হোৱা গোচৰতকৈ নিষ্পত্তি হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাইছে । বিগত বৰ্ষত ৰাজ্যত ১,৩২,০০০টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে অভিলেখ সংখ্যক ১,৩৪,০০০টা গোচৰ নিষ্পত্তি হৈছে । ৰাজ্যৰ প্ৰতিখন থানা, ১০০ খন আৰক্ষী চকী, ২০টা আৰক্ষী ছাউনী নিৰ্মাণৰ লগতে আৰক্ষীৰ লোকসকলৰ আৱাসৰ সা-সুবিধাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব । চলিত বৰ্ষত আৰক্ষীৰ সামগ্ৰিক আন্তঃগাঁথনিৰ বাবে ২৫০০ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে ।

You May Also Like

More From Author