অসম আৰক্ষী এছ আই কেলেংকাৰী:কি ক’লে ভাস্কৰ জ্যোতি মহন্তই?

1 min read

গুৱাহাটী: অসম আৰক্ষীৰ এছ আই কেলেংকাৰী সন্দৰ্ভত অসম আৰক্ষীৰ সংবাদমেল।

সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে,”দুৰ্নীতিৰ পূৰ্বেই পৰীক্ষা বন্ধ কৰাটো ভাল হৈছে।তদন্ত প্ৰক্ৰিয়াত সকলো অপৰাধী জালত পৰিব।গুৱাহাটী আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈকে ৯জনক গ্ৰেপ্তাৰ কৰিছে।চি আই ডিয়ে ৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। দিবন ডেকাই প্ৰশ্নকাকত ক’ত পালে সেই সন্দৰ্ভত তদন্ত চলি আছে।পি কে দত্তৰ হোটেলৰ একোটা কোঠাত দুজনকৈ পৰীক্ষাৰ্থী আছিল আৰু তেওঁলোকে ২০ ছেপ্তেম্বৰত তাৰ পৰা ওলাই গৈছিল। হোটেল ভাৰ্গৱৰ পৰা জ্বলাই দিয়া ফ্লেস্ক আৰুন নগদ ধন উদ্ধাৰ কৰা হৈছে।জব্দ কৰা হৈছে ধনৰ ৰচিদ আৰু ডাফ্ট। এছ আই কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী,কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী আৰু ডিব্ৰুগড় জিলাত ৫টা গোচৰ ৰুজু হৈছে।”

Source: DAINIK JANAMBHUMI

You May Also Like

More From Author