December 8, 2021

বৰছিং বে’ক পুৰষ্কৃত কৰিলে DGP ভাস্কৰজ্যোতি মহন্তই

 ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্রাহ্য কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্রীবাহী বাছৰ পৰা কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ক বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বিশেষভাৱে পুৰষ্কৃত কৰে ৷ এই পুৰষ্কাৰত এক লাখ টকা চেক প্ৰদান কৰাৰ লগতে এখন প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ৷ সঞ্চালক প্ৰধান মহন্তই গৃহৰক্ষী জোৱান বৰছিং বে’ৰ সততা আৰু কর্তব্য নিষ্ঠাক লৈ প্রশংসা কৰে ৷

তদুপৰি জোৱানজনৰ এনে কাৰ্যই সমগ্র বিভাগটোকে গৌৰৱান্বিত কৰা বুলি মন্তব্য প্ৰকাশ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । সঞ্চালক প্রধান গৰাকীয়ে ভৱিষ্যতেও এনেধৰণেৰে সততা আৰু দৃঢ়তাৰে তেওঁ কর্তব্যত আত্মনিয়োগ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ডিলাই থানাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ই যোৱা ২১ জুনত এখন যাত্রীবাহী বাছত তালাচী চলাই তিনি কিল’গ্ৰাম ড্ৰাগছ জব্দ কৰিছিল ৷

ড্ৰাগছখিনি ইঞ্জিনত লুকুৱাই অনা হৈছিল ৷ ড্ৰাগছ জব্দ কৰাৰ সময়ত বাছখনৰ চালকে গৃহৰক্ষী জোৱান বৰছিং বে’ক উপঢৌকন হিচাপে ধনৰ টোপোলা আগবঢ়াইছিল যদিও সেয়া অগ্রাহ্য কৰি ড্ৰাগছখিনি জব্দ কৰিছিল ৷ যি সময়ত চৌদিশে কেৱল দুৰ্নীতি, উৎকোচৰ বেহা, সেই সময়তে গৃহৰক্ষী জোৱান বৰছিং বে’ৰ সততা আৰু নিষ্ঠাৰে কৰা কৰ্তব্য সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰিছিল ৷

error: Content is protected !!
%d bloggers like this: