নিৰ্ধাৰণ হ’ল অসমৰ নিৰ্বাচনৰ তাৰিখঃ তিনিটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

নিৰ্ধাৰণ হ’ল অসমৰ নিৰ্বাচনৰ তাৰিখঃ তিনিটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

আজি ঘোষণা কৰা হ’ল অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ। অসমত  প্ৰথম ৪৭ টা সমষ্টিৰ বাবে ২৭ মাৰ্চত, দ্বিতীয় পৰ্যায়ত ৩৯ সমষ্টিৰ বাবে ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিৰ বাবে ৬ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

মুঠ তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজি নিৰ্বাচনী দিন ঘোষণা কৰাৰ লগে লগে বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি।

কৰোনাৰ বাবে ভোটদানৰ সময় ১ ঘণ্টা বৃদ্ধি কৰা হৈছে। প্ৰতিজন নিৰ্বাচনী বিষয়াৰ টিকাকৰণ কৰা হ’ব। মনোনয়ন পত্ৰ অনলাইন দিয়া সুবিধা প্ৰদান। মনোনয়ন পত্ৰৰ লগত দুজন যাব পাৰিব। আমানত ধনও অনলাইন যোগে জমা কৰিব পাৰিব। ঘৰে ঘৰে প্ৰচাৰৰ বাবে ৫ জন লোকক অনুমতি প্ৰদান। চিচিটিভিৰ নিৰীক্ষণত হ’ব ভোটদান প্ৰক্ৰিয়া। মুঠ ২.৭ লাখ ভোটদান কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। প্ৰতিটো ভোটদান কেন্দ্ৰত মাস্ক আৰু ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হ’ব।

পাঁচখন ৰাজ্যত ১৮.৬৮ কোটি লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। ভোটগণনা কৰা হ’ব ২ মেত।

আজি দিল্লীত অনুষ্ঠিত হোৱা নিৰ্বাচন আয়োগৰ সংবাদ মেলত এই কথা জানিবলৈ দিয়ে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই।
source – niyomiabarta

 

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.