বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ দাবী

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬জুন:–নগাঁও জিলাৰ ৰহাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ৰহা মহাবিদ্যালয়লৈ যোৱা পথত এবুকু পানী । মহাবিদ্যালয়লৈ অহা-যোৱা কৰা পথটো সম্প্ৰতি পানীৰ তলতে আছে । নাওলৈ অহা-যোৱা কৰা লোকসকলে জনোৱা মতে তীব্ৰ সোঁতত পথছোৱাৰ বহু ঠাইত চিগি গৈছে । মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাকে ধৰি সকলো কোঠাতে পানী সোমোৱাত নষ্ট হৈছে বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী ।

ঠিক সেইদৰে ৰহাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত “ৰহা মীন মহাবিদ্যালয়”ৰ চৌহদতো এবুকু পানী । মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ উপৰি প্ৰেক্ষাগৃহ,শ্ৰেণীকোঠা,গৱেষণাথলী,পুখুৰী,পাম আদিত পানী হোৱা বাবে নষ্ট হৈছে সম্পত্তি । ৰহাৰ ছোৱালী উচ্চ মাধ্যমিক,আদৰ্শ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়,শংকৰদেৱ শিশু বিদ্যা নিকেতন,আদৰ্শ শিশু বিকাশ কেন্দ্ৰও পানীত বুৰ গৈছে । ৰহা আৰু চাপৰমুখৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈছে সদৌ অসম ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ নেতৃত্বত আছুৰ কেন্দ্ৰীয় সমিতিৰ এটি দলে কালি ৰহা আৰু চাপৰমুখৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ লোৱাৰ উপৰি বানক্ৰান্ত ৰাইজৰ মাজত কিছু খাদ্য সামগ্ৰীৰ যোগান ধৰে । সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাৰ বাবেই বান সমস্যা অধিক জটিল হৈ পৰা বুলি উল্লেখ কৰি বিজ্ঞানসন্মত আৰু পৰিকল্পিত ভাৱে বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ লগতে অসমৰ বাবে এক বিশেষ পেকেজ দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author