দিল্লীত অসমীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু

দিল্লীত অসমীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু

১৬ জুনঃ এগৰাকী অসমীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হ’ল ৰাজধানী চহৰ নতুন দিল্লীত। বিশেষ সূত্ৰে জানিব পৰা মতে, ফাৰ্মী বৰা নামৰ অসমীয়া যুৱতীগৰাকীৰ মৃতদেহ দিল্লীৰ ছত্তৰপুৰত থকা ভাৰাঘৰত উদ্ধাৰ কৰা হৈছে।

যুৱতীগৰাকীয়ে দিল্লীত এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছিল। অসমৰ তিনিচুকীয়া নিৱাসী ফাৰ্মী বৰাই ভগ্নীৰ সৈতে বিগত বহু বছৰ ধৰি দিল্লীত বাস কৰি আছিল। বৰ্তমান মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠিয়াইছে দিল্লী আৰক্ষীয়ে।

স্থানীয় লোকৰ সন্দেহ যে যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে। অৱশ্যে প্ৰকৃত তথ্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

অধিক পঢক নিয়মীয়া বাৰ্তাত

GTM Desk