এইমছৰ পৰা স্বর্ণপদকসহ প্রথম স্থানত ডাঃ অনন্যা গোস্বামী

এইমছৰ পৰা স্বর্ণপদকসহ প্রথম স্থানত ডাঃ অনন্যা গোস্বামী

নিজ মেধা আৰু প্রতিভাৰে নতুন দিল্লীৰ সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত উজলি উঠিছে অসমৰ শিক্ষার্থী ডাঃ অনন্যা গোস্বামী৷ চকু চিকিৎসা বিষয়ৰ ছাত্রী ডাঃ গোস্বামীয়ে ২০২০ বর্ষৰ স্নাতকোত্তৰ পৰীক্ষাত প্রথম স্থান অধিকাৰ কৰিছে৷ এই কৃতিত্বৰ বাবে ডাঃ গোস্বামীয়ে লাভ কৰে স্বর্ণপদক৷

শনিবাৰে এইমছৰ ৫৪সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই আনুষ্ঠানিকভাৱে ডাঃ গোস্বামীক এই স্বর্ণপদক আৰু মানপত্র প্রদান কৰে৷ উল্লেখ্য যে কৃতী শিক্ষার্থী ডাঃ গোস্বামী হৈছে বিশিষ্ট চকু চিকিৎসক ডাঃ শুভ্রকিংকৰ গোস্বামী আৰু ডাঃ বিজুলী গোস্বামীৰ জ্যেষ্ঠ কন্যা৷

GTM Desk

Related