ৰাষ্ট্ৰীয় মডেলিং জগতত পুনৰ জিলিকিল টীয়কৰ ৰিতৃষ্ণা গগৈ l
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মডেলিং জগতত পুনৰ সুনাম কঢ়িয়াই সমগ্ৰ অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক নগৰৰ নিবাসী সুৰেশ গগৈ আৰু প্ৰতিমা গগৈৰ বৰ কন্যা ৰিতৃষ্ণা গগৈয়ে।সদ্য কলকতাত অনুষ্ঠিত Super model of india International শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখল কৰি Miss super model -2022 খিতাপ দখল কৰিছে নৱম শ্ৰেণীৰ ছাত্ৰী ৰিতৃষ্ণাই।উল্লেখযোগ্য যে ৰিতৃষ্ণাই সৰুৰে পৰা নৃত্য, গীত,অভিনয়েৰে অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকসকলক আপ্লুত কৰাৰ লগতে অসমৰ বাহিৰত হিমাচল,দিল্লী আদি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্যাভিনয় প্ৰতিযোগিতাতো সুনাম লাভ কৰিবলৈ সক্ষম হৈছে।অধ্যয়নৰ সমান্তৰালকৈ উদিয়মান ৰিতৃষ্ণাই সাংস্কৃতিক দিশত আগবাঢ়ি গৈ এই বয়সতে এইদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে জিলিকাই তুলি পিতৃ মাতৃ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে লগতে অনাগত দিনবোৰত ৰিতৃষ্ণাই এইদৰে অসমবাসীক গৌৰৱাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে|