অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত তীজ উৎসৱ পালন

1 min read

গোৰ্খা মহিলা সকলে পালন কৰি অহা “তীজ” উৎসৱ বৰ্তমান অসমৰ চুকে কোনে পালন কৰিথকা হৈছে যদিও মুলত এই উৎসৱ ভাদ্ৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ দিনা বিয়া দিয়া বাই-ভনী সকলক মা-দেউতা, দাদা-ভাইয়ে মাকৰ ঘৰলৈ মাতি বিভিন্ন খাদ্য খুওৱায়ে।তাৰ পিছদিনা তৃত্বীয়া তিথিত বাই-ভনী সকলে মুখত পানীও নিদি দিনযোৰা ব্ৰতেৰে ভগৱান শিৱৰ পুজা আৰাধনা কৰে। নিজৰ স্বামীৰ মঙ্গল আৰু সু-স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰি পুজা সামৰি ৰাতি লঘু আহাৰ গ্ৰহণ কৰে।  সেই সময়তে পুজা-পাতল সামৰি  গোটেই ৰাতি সঙ্গিনী,তীজগীত, নৃত্য আদি পৰিবেশণ কৰে। মাত্ৰ মহিলা সকলে পালন কৰি অহা এই উৎসৱ গাওঁৰ মহিলা সকল এক গোট হৈ কৰা নৃত্য-গীতক সঙ্গিনী আৰু তীজ নৃত্য বুলি কোৱা হয়।  এই উৎসৱ ভাদ্ৰ মাহৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ পৰা পঞ্চমী তিথিলৈ পালন কৰিলেও পঞ্চমী তিথিত সুকিয়াকৈ অবিবাহিত অথৱা বিবাহিত ছোৱালী আৰু মহিলা সকলে পালন কৰি আহি আছে। এই উৎসৱৰ লগত সঙ্গতি ৰাখি অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত আৰু ১/৪ নং আমজুলি শাখা সমিতিৰ সহযোগত যোৱা ১৯ ছেপ্টেম্বৰ তাৰিখে ১/৪ নং আমজুলী শাখা সমিতিৰ মুখ্য কাৰ্য্যালয় প্ৰাঙ্গণত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।  ৰাতিপুৱা ৯:০০ বজাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ সভানেত্ৰী হিৰা মিশ্ৰই পতাকা উত্তোলন কৰাৰ পিছত ভাৰপ্ৰাপ্ত সম্পাদিকা হিৰা ছেত্ৰীয়ে স্মৃতি তৰ্পণ কৰে।তাৰ পিছতেই দিনৰ এক বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্য্যক্ৰম তথা সঙ্গিনী আৰু তীজ নৃত্য প্ৰতিযোগিতা উদ্ঘাটন কৰে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মাই। গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱন ধমালাই পৰিচালনা কৰা সাংস্কৃতিক প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা সংস্কৃতিক সংঘই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সাংস্কৃতিক প্ৰতিযোগিতাৰ মাজতে অনুষ্ঠিত মুকলি সভাত ওদালগুৰি বিধান সভাৰ বিধায়ক তথা বি টি চিৰ উপ মুখ্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, ইউ পি পি এল দলৰ কেন্দ্ৰীয় মহিলা সভানেত্ৰী বিনা গয়াৰী,অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বি টি চিৰ মনোনীত পাৰ্ষদৰ লগতে বি টি চিৰ মুখ্য কাৰ্য্যবাহীৰ ৰাজনৈতিক সচীৱ মাধৱ ছেত্ৰী, মনোনীত পাৰ্ষদ অৰ্পণা মেধী, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, বাসুদেৱ নিৰৌলা,কেন্দ্ৰীয় সদস্য কৃষ্ণ মিজাৰ, ভীষ্ম উপাধ্যায়, ওদালগুৰি জিলা গোৰ্খা সন্মিলনৰ সভাপতি পৱন লুইটেল, মুখ্য উপদেষ্টা ৰমেশ দাহাল, উপদেষ্টা কৃষ্ণ গিৰী,উপ সভাপতি দেৱৰাজ নেউপানে,সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাই, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ৰাউত, অসম গোৰ্খা সন্মিলন মহিলা মৰ্চাৰ উপ সভানেত্ৰী অঞ্জু উপাধ্যায়, গীতা নিৰৌলা,সহ সম্পাদিকা সীতা কটূৱাল, প্ৰচাৰ সম্পাদিকা হীৰা কটূৱাল, সাংস্কৃতিক সম্পাদিকা হিমা খড়্কা, ৰঞ্জিতা নেউপানে, কোষাধ্যক্ষ ইন্দিৰা খড়্কা, সদস্যা কৃষ্ণা দেৱী আদি উপস্থিত থাকি তীজ উৎসৱৰ তাৎপৰ্য্য উপস্থাপন কৰে। ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বিনা গয়াৰীয়ে খলখলীয়াকৈ নেপালী ভাষাত বক্তব্য ৰখাত ৰাইজে হাত চাপৰিৰে ধন্যবাদ জনায়। সাংস্কৃতিক প্ৰতিযোগিতাত নিৰিক্ষক হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী ভূৱন মৈনালী আৰী নৰ্মদা বস্নেত। প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত একেখন মঞ্চ আৰু একেলগে বহি সভাত অবিভাষণ ৰাখে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আৰু বৰ্তমান ওদালগুৰি বিধানসভাৰ বিধায়ক তথা বি টি চিৰ উষমুখ্য কাৰ্য্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।    অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতি মহিলা মৰ্চাৰ  উদ্যোগত আৰু ১/৪ নং আমজুলী শাখা সমিতিৰ সহযোগত অনুষ্ঠিত তীজ উৎসৱৰ উক্ত কাৰ্য্যসূচী অতি সফলতাৰে সম্পন্ন হয়।

You May Also Like

More From Author