শাৰিৰীক বাধাক জিনি মেধাৰ পৰিচয় দিলে বিকিয়ে।

শাৰিৰীক বাধাক জিনি মেধাৰ পৰিচয় দিলে বিকিয়ে।

শাৰীৰিক বাধাক প্ৰত্যাহ্বান হিচাবে লৈ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল কাজিৰঙাৰ বিকি।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেধাৰ পৰিচয় দাঙি ধৰিলে শাৰীৰিক বিশেষভাৱে সক্ষম বিকি ৰজকে। শাৰীৰিক বাধাক প্ৰত্যাহ্বান হিচাবে লৈ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীর্ণ হ’ল বিকি ৰজক। কাজিৰঙাৰ এগৰাকী সাংবাদিকৰ পুত্ৰ বিকি সফলতাত আনন্দিত পৰিয়ালৰ লোকৰ লগতে কাজিৰঙা বাসী। উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে ফলাফল প্রকাশ পোৱা চৰকাৰৰ নিযুক্তিৰ পৰীক্ষাতো বিকিয়ে সফলতা লাভ কৰি নিযুক্তি লাভ কৰিছে শিক্ষা বিভাগত। ইফালে বিকি ৰজকৰ ভাতৃ ৰবি ৰজকেও সুখ্যাতীৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে কাজিৰঙালৈ।

GTM Desk

Related