গুজৰাট সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হ’ল অসমৰ লেখিকা মৌচুমী কলিতা

গুজৰাট সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হ’ল অসমৰ লেখিকা মৌচুমী কলিতা

অসমবাসীক গৌৰৱান্বিত কৰা ৰাজ্যৰ প্ৰতিষ্ঠিত লেখিকা তথা কবি মৌচুমী কলিতাক ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱসৰ দিনা ‘সাহিত্য দক্ষতাত নিৰন্তৰ উৎকৃষ্টতা’ৰ বাবে গুজৰাট সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়।

মৌচুমী কলিতাক গুজৰাট সাহিত্য অকাডেমীৰ অধ্যক্ষ বিষ্ণু পাণ্ডিয়া আৰু  শিজু এইচ পলিথাজেথে বঁটা প্ৰদান কৰে। মৌচুমী কলিতাই  বৰ্তমান গ্ৰিফিন প্ৰকাশনৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। মহামাৰীৰ সময়ত ক’ভিড ৰোগী আৰু পৰিয়ালৰ প্ৰতি তেওঁৰ নিস্বাৰ্থ সেৱাৰ বাবে তেওঁক বহুতো সামাজিক সংগঠনে সন্মানিত কৰিছিল।

Shahnawaz Hamza

Related