উকা হ’ল হৰধন ৰায়ৰ পত্নীৰ কপাল…মেধিপাৰা গাঁৱত মাথো কান্দোনৰ ৰোল

1 min read

গুৱাহাটীঃ আপোন ঘৰখনলৈ উভতি আহিছে তেওঁ। এই ঘৰখনকলৈয়ে তেওঁৰ আছিল বহু সপোন। পত্নী, ডেৰ বছৰীয়া পুত্ৰ সন্তানটিক লৈ ভৱিষ্যতৰ কত পৰিকল্পনা। এইবাৰ ছুটীত আহিলেই ভনীয়েকৰ বিয়াৰ যা-যোগাৰ কৰাৰ কথা আছিল। বৃদ্ধ পিতৃ-মাতহালে হেঁপাহেৰে অপেক্ষা কৰি থাকিছিল সৈনিক পুত্ৰলৈ।

তেওঁ উভতি আহিল। জাতীয় পতাকাৰে মেৰিওৱা কফিনৰ বুকুত  প্ৰাণহীন শৰীৰৰ ৰূপত। নিয়ন্ত্ৰণ ৰেখাত (এল অ’ চি) পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি চলোৱা গুলীচালনাত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাৰ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ নশ্বৰ দেহ দেওবাৰে অনা হয় ধুবুৰী জিলাৰ সাপটগ্ৰামৰ ফুটুকীবাৰী মেধিপাৰাস্থিত ঘৰখনলৈ। শ্বহীদগৰাকীৰ মৃত শৰীৰ গাঁওখনত আহি পোৱাৰ লগে লগে কান্দোলনৰ ৰোল উঠে। গৰ্ব আৰু বেদনা মিশ্ৰিত এক আৱেগিক পৰিৱেশৰ সূচনা হয় গংগাধৰ নৈৰ পাৰৰ গাঁওখনত।

একেলগে জীৱনৰ বহু সপোন ৰচা স্বামীৰ স্পন্দনহীন শৰীৰ প্ৰত্যক্ষ কৰি হিয়া ঢাকুৰি কান্দিবলৈ লয় সৈনিক পত্নীগৰাকীয়ে। কফিনত চিৰদিনৰ বাবে নিদ্ৰাৰত হৰধন ৰায়লৈ চাই আউলী-বাউলী হৈ পৰে পত্নী।

ডেৰ বছৰীয়া অবুজ সন্তানটিয়েও পিতৃৰ কফিনত অৰ্পণ কৰে পুষ্পাঞ্জলি। সমগ্ৰ জীৱনত দেউতা বুলি মাতিবলৈ তাৰ কাষত যে নাথাকিব হৰধন, সেয়া সি বুজি উঠিব পৰা নাই।

একমাত্ৰ পুত্ৰক হেৰুৱাই দিশহাৰা হোৱা শ্বহীদ জোৱানজনৰ পিতৃ-মাতৃক সান্তনা দিবলৈ সকলোৱে ভাষা হেৰুৱাই পেলাইছে। অন্তিম শয়নত হৰধনলৈ চাই সকলোৱে মাথো হিয়া ঢাকুৰি কান্দিছে।

শ্বহীদ জোৱানজনক শেষ বিদায় দিবলৈ মেধিপাৰা গাঁওখনলৈ সমাগম ঘটিছে অজস্ৰজনৰ। উপস্থিত হৈছে সেনা বাহিনী, আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়া। বন্ধু, আত্মীয়-স্বজনে স্মৰণ কৰিছে হৰধনক, মনত পেলাইছে একেলগে পাৰ কৰা দিনবোৰৰ কথা।

অশ্ৰুশিক্ত নয়নেৰে সকলোৱে বিদায় জনাইছে হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ক।

আৱেগ আৰু গৰ্বত উচ্চাৰিত হৈছে—“শ্বহীদ প্ৰণামো তামাক, হৰধন তুমি অমৰ হোৱা।”

You May Also Like

More From Author