“দাম বৃদ্ধি হৈছে কিন্তু অন্য ৰাজ্যৰ তুলনাত অসমত বহু সামগ্ৰীৰ দাম কম।”-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

“দাম বৃদ্ধি হৈছে কিন্তু অন্য ৰাজ্যৰ তুলনাত অসমত বহু সামগ্ৰীৰ দাম কম।”-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে সামগ্ৰীৰ দাম বৃদ্ধিৰ কথা।’দাম বৃদ্ধি হৈছে কিন্তু অন্য ৰাজ্যৰ তুলনাত অসমত বহু সামগ্ৰীৰ দাম কম’। মূল্যবৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। লগতে তেওঁ কয় ‘কিছুমান সমস্যা সমাধান কৰিব পৰাকৈ মোৰ হাতত একো নাথাকে।’

দাম বৃদ্ধি হৈছে একপ্ৰকাৰে এই কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ। শীঘ্ৰেই মূল্যবৃদ্ধি প্ৰসংগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰাইজক আশ্বাস মুখ্যমন্ত্ৰীৰ। দাম বৃদ্ধি হৈছে কিন্তু সেয়া কংগ্ৰেছশাসিত ৰাজ্যৰ তুলনাত অসমত সামগ্ৰীৰ দাম বহু কম বুলি মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আনফালে সকলো অসমীয়াকে খেতি কৰাৰ আহ্বান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ।

Shahnawaz Hamza