ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱ তিথি উদযাপন

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱ তিথি উদযাপন

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি।প্ৰতিজন অসমীয়াই আজি শ্ৰদ্ধাৰে উদযাপন কৰিছে শংকৰদেৱ তিথি।ৰাজ্যৰ প্ৰতিটো নামঘৰ,পীঠত পুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন হৈছে মহাপুৰুষ জনাৰ তিথি।এয়া টীয়কৰ ঐতিহাসিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিবেশ।পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আজি বিশেষকৈ শংকৰদেৱ তিথি উপলক্ষত এই ঐতিহাসিক পীঠত উপস্থিত হৈ ধূপ নৈবদ্য আগবঢ়াই নেদেখাজনৰ শৰণাপন্ন হৈছে।আশীষ লৈছে অক্ষয় বন্তিৰ।ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি গুৰুজনাৰ তিথি উপলক্ষত অক্ষয় বন্তিত তেল,শৰাই আগবঢ়োৱাৰ লগতে পুৱা উষা কীৰ্ত্তন,দিহানাম,খোল প্ৰসংগ,নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু এই পবিত্ৰ দিনটোত সকলো ৰাজ্যবাসীৰ মংগল কামনা কৰিছে।

GTM Desk

Related