কামৰূপ মহানগৰ জিলাৰ ৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

কামৰূপ মহানগৰ জিলাৰ ৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

 

গুৱাহাটী,১০ ছেপ্টেম্বৰ: বিশেষ কাৰণত কামৰূপ (মহানগৰ) জিলাত স্থগিত ৰখা শিক্ষক দিৱসৰ কাৰ্যসূচী আজি দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কামৰূপ (মহানগৰ) জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কেচিঅʼ কৰণ পেগু (Casio karan pegu), বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীৰ উপস্থিতিত আয়োজিত এই শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ ৭ গৰাকী কৃতী শিক্ষকক গামোচা, মানপত্ৰ আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়। লগতে গুণোৎসৱত ভাল ফলাফল প্ৰৰ্দশন কৰা শিক্ষাখণ্ড সমূহকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত জিলাখনৰ ভালেসংখ্যক শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থাকে।

GTM Desk

Related