কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ হিমাংশু কুমাৰ দাসৰ

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ হিমাংশু কুমাৰ দাসৰ

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ হিমাংশু কুমাৰ দাসৰ ৷ উল্লেখ্য যে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাভেদ আখটাৰে কিছুদিন পূৰ্বে যোগদান কৰিছিল বিজেপিক ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ আনকি ছাত্ৰ একতা সভাই এই কাৰ্যক গৰিহণা দিয়াৰ লগতে জাভেদক হোষ্টেলত প্ৰৱেশ নিষিদ্ধ কৰিছিল ৷
একেদৰে সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে বিভিন্ন কেলেংকাৰীৰ অভিযোগ উদ্থাপিত হৈছিল ৷

আনহাতে ছাত্ৰ একতা সভাৰ অভিযোগ সাধাৰণ সম্পাদক জাভেদ আখটাৰে ছাত্ৰ একতা সভাৰ নিয়ম ভংগ কৰি যোগদান কৰিছিল সংশ্লিষ্ট ৰাজনৈতিক দলত ৷ এইক্ষেত্ৰত কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা ল’ব লাগিছিল যদিও কোনো সময়োচিত পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ মঙলবাৰে ছাত্ৰ একতা সভাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে হিমাংশুৱে ৷ আনহাতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিয়ে পদত্যাগৰ পিছতেই বাতিল হয় কটনৰ নৱাগত আদৰণি সভা।

GTM Desk

Related