তিনিচুকীয়াৰ পেঙেৰীত NSCN(IM)ৰ কেডাৰসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
তিনিচুকীয়াৰ পেঙেৰীত NSCN(IM)ৰ কেডাৰসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হৈছে।
এজন NSCM(IM)ৰ কেডাৰসহ তিনিটা হেণ্ড গ্ৰেনেড,পিষ্টলৰ দুটা মেগজিন,দুটা পিষ্টল আৰু অৰ্ধশতাধিক সজীৱ গুলী উদ্ধাৰ কৰা হৈছে৷ পেঙেৰী আৰক্ষী থানাৰ OC নবীন চেতিয়াৰ নেতৃত্বত চলা এক অভিযানত মাৰণাস্ত্ৰখিনি জব্দ কৰা হৈছে। NSCNৰ কেডাৰজনক মাৰণাস্ত্ৰসহ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে৷ কি পৰিকল্পনাৰে অস্ত্ৰসহ NSCNৰ কেডাৰগৰাকী অসমত প্ৰৱেশ কৰিছিল জানিব পৰা হোৱা নাই৷ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। উজনিৰ IGP সত্যৰাজ হাজৰিকাই NSCN ( IM) কেডাৰজনক জেৰা চলাব।