আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ

আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি শংকৰজ্যোতি বৰুৱাৰ

ফেচবুকযোগে এই ঘোষণা শংকৰজ্যোতি বৰুৱাৰ।
সামাজিক মাধ্যমত তেওঁ লিখিছে, – ‘নমস্কাৰ৷ আপোনালোকক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্য
সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁ। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম৷ আজিৰ এই মুহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম৷ ধন্যবাদ৷ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ। জয় আই অসম’

GTM Desk