টীয়কত বিশ্ব পৰিৱেশ দিৱসৰ দিনা পুৱা অৰণ্য মানৱ যাদব পায়েং

টীয়কত বিশ্ব পৰিৱেশ দিৱসৰ দিনা পুৱা অৰণ্য মানৱ যাদব পায়েং

আজি বিশ্ব পৰিবেশ দিৱস।সমগ্ৰ বিশ্বই আজি পৰিবেশ দিৱস উদযাপন কৰিছে।ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে পৰিবেশ দিৱসৰ দিনা পুৱাৰ ভাগতে অৰণ্য মানৱ খ্যাত, পদ্মশ্ৰী যাদব পায়েং উপস্থিত হয় টীয়কৰ কলিয়াপানীস্থিত জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ প্ৰাংগনত ।


প্লাষ্টিক এৰো পৰিবেশ ধৰো শ্ল’গানেৰে সৰ্বত্ৰ উদযাপন হব পৰিবেশ দিৱসত বিশিষ্ট পৰিবেশ সচেতক পায়েং উপস্থিত হৈ সকলোকে পৰিবেশ নিকাকৰণৰ বাবে অন্তন্ত এটা গছপুলি ৰোপন কৰিবলৈ লগতে পৰিবেশৰ বাবে অতিকৈ ভয়ংকৰ প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে টীয়কত কৃষি বিজ্ঞান কেন্দ্ৰ, ভাৰতীয় ষ্টেট বেংক,ৰেঙনি আৰু জ্যোতি- প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ বৰ্ণাঢ্যভাৱে আয়োজন কৰা এই পৰিবেশ দিৱসত অৰণ্য মানৱ গৰাকীৰ উপস্থিতিত লৈ সকলো আপ্লুত হৈ পৰে আৰু তেওঁৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে।ইপিনে জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক লৈ স্থানীয় ৰাইজ তথা অভিভাৱকসকলে পৰিবেশ সজাগতাৰে এক ৰেলী বাহিৰ কৰি সকলোকে সজাগ কৰিবলৈ চেষ্টা কৰে আৰু বৃহত্তৰ কলিয়াপানী অঞ্চলত এলানি গছপুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

GTM Desk

Related