সাৱধান। এনআৰচিত নাম নথকাসকলক ওভতাই পঠিওৱা হ’ব বাংলাদেশলৈ

সাৱধান। এনআৰচিত নাম নথকাসকলক ওভতাই পঠিওৱা হ’ব বাংলাদেশলৈ

হয়, এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

“এনআৰচিত নাম নথকাসকলক গতা মাৰি বাংলাদেশলৈ পঠিয়াব লাগিব । এয়া আমাৰ নীতি হ’ব । প্ৰথমে সকলোকে দাবী প্ৰমাণ কৰিবলৈ সুবিধা দিয়া হ’ব । যদি পিছত ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰে আইনগত ব্যৱস্থাৰে বাংলাদেশলৈ পঠিয়াই দিয়া হ’ব ।” ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এনআৰচি সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

উল্লেখ্য যে অহা ২ অক্টোবৰত ঝাৰখণ্ডৰ হাজাৰীবাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক জনসভা সম্বোধন কৰিব । তাৰ প্ৰাকক্ষণত ঝাৰখণ্ড বিজেপিৰ সহ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হাজাৰীবাগত উপস্থিত হয় । প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈ তেওঁ সংবাদ মাধ্যমৰ সন্মুখত এনআৰচিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে ।

GTM Desk

Related