ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে!

ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে!

চহৰখনৰ নলা-নৰ্দমা চাফা কৰি ৰখাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ ছাকাৰ আজি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিখন ছুপাৰ ছাকাৰৰ সৈতে থাকিব তিনিটাকৈ ডাম্প টেংক। ইয়াৰ যোগেদি সৰু সৰু পথৰো নলা-নৰ্দমা চাফা কৰাটো সহজসাধ্য হ’ব আৰু ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধ কৰাত যথেষ্ট সহায়ক হ’ব।

এই সময়ছোৱাত লগতে উপস্থিত থাকে সাংসদ শ্ৰী ৰামেশ্বৰ তেলী, বিধায়ক শ্ৰী প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শ্ৰী চৈকত পাত্ৰ আৰু উপ-মেয়ৰ শ্ৰী উজ্জ্বল ফুকন প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

Shahnawaz Hamza

Related