NSA ৰ গোচৰত বন্দী শৃংখল চলিহাৰ মুক্তিৰ দাবীত ঐতিহাসিক কাৰেংঘৰ বাকৰিত লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন বীৰ লাচিত সেনাৰ

NSA ৰ গোচৰত বন্দী শৃংখল চলিহাৰ মুক্তিৰ দাবীত ঐতিহাসিক কাৰেংঘৰ বাকৰিত লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন বীৰ লাচিত সেনাৰ

 

NSA ৰ গোচৰত বন্দীত্বৰ জীৱন কটোৱা বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাৰ মুক্তিৰ দাবীত আজি সৰৱ বীৰ লাচিত সেনা। সোমবাৰে সন্ধিয়া ঐতিহাসিক কাৰেংঘৰ বাকৰিত বীৰ লাচিত সেনাৰ সদস্য সকলে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শাসকীয় পক্ষৰ সুমতি কামনা কৰিলে বীৰ লাচিত সেনাই। অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত সদায়েই মাত মাতি যোৱাৰ হুংকাৰেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক স্বেচ্ছাচাৰী আখ্যা দি ক্ষোভ উজাৰিলে বীৰ লাচিত সেনাৰ বিষয়ববীয়াই । ইপিনে শৃংখল চলিহাক NSA ৰ গোচৰত দোষী সজাই বন্দী কৰি থোৱা কাণ্ড অসমীয়া জাতিৰ কাৰণে অন্যায় বুলি কৈ লগতে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈও ক্ষুৰধাৰ সমালোচনা কৰে ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

GTM Desk

Related