নগাঁৱত সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত “গজল সন্ধ্যা” সম্পন্ন

নগাঁৱত সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত “গজল সন্ধ্যা” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২১অক্টোবৰ:–এক অভিনৱ চিন্তা আৰু পৰিকল্পনাৰে সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত তথা সুনীল শইকীয়া সংগীত মহাবিদ্যালয়, নগাঁও ছোৱালী কলেজ,ষ্টাৰলেৱ ডায়েগ্ন’ষ্টিকছৰ সহযোগত ৰবিবাৰে এটি সন্ধিয়া “গজল সন্ধ্যা” আয়োজন কৰা হয়। নগাঁ‌ও ছোৱালী মহাবিদ্যালয়ৰ “ৰংগম” প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ প্ৰখ্যাত গজলকাৰ ক্ৰমে আৰিফুল হক,কন্ঠশিল্পী সুৱাগমণি মহন্ত,সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়া, বাঁ‌হীবাদক দীপক শৰ্মা আৰু শশীকান্ত নাথে। আৰিফুল হকৰ দুটি গজলেৰে গজল সন্ধ্যা আৰম্ভ হোৱা সংস্কৃত শিল্পী ৰঞ্জন বেজবৰুৱাই সংস্কৃত আৰু উৰ্দু দুয়োটা ভাষাতে গজল পৰিৱেশন কৰে। অনুষ্ঠানত অসমৰ উদীয়মান কবি তথা শ্যায়ৰ সঞ্জীৱ সাগৰ চৌধুৰীৰ উৰ্দু আৰু অসমীয়াত ৰচিত ১৪গজল আৰু নজমৰ এক অভিনৱ সংগীতানুষ্ঠানো অনুষ্ঠিত হয়।ৰাজ্যখনৰ কেইবাগৰাকীও নবীন-প্ৰবীণ কণ্ঠশিল্পী তৰুণ শইকীয়া, জিতু শ্ৰাৱণ,কানু কন্দলী,কুমাৰ কিশোৰ,কল্পিতা দেৱী,স্বপ্নালী কলিতা, নিলোৎপল গায়ন,নিপু মেধি আৰু নিভাৰাণী বৰাই উপস্থিত প্ৰায় দুই শতাধিক লোকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। অনুষ্ঠানত প্ৰাঞ্জল বৰা,মুকুল বৰা, অভিষেক ধৰ,অতুল মহন্ত,দুলু বৰা, ৰক্তিম লস্কৰ,বাবুল বৰাৰ দৰে নিপুণ বাদ্যশিল্পীয়ে বাদ্য সংগত কৰে। গজল সন্ধ্যাত নগাঁ‌ও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাস,গল্পকাৰ শিৱানন্দ কাকতি,লেখক পুনিৰাম শইকীয়া,সাংবাদিক অজয় মাহাতু, কবি-গল্পকাৰ ড° গিৰীন্দ্ৰ নাথ, ডুগডুগীৰ স্বত্বাধিকাৰ উৎপল বণিয়া, বিশিষ্ট কবি মদাৰজ্যোতি,”নতুন কবিতা”ৰ সম্পাদক মৃদুল চহৰীয়া,কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ, নগাঁ‌ও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰনাথ হাজৰিকা, বৰ্তমানৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী, মৰিগাঁ‌ও জিলা কবি সন্মিলনৰ প্ৰাক্তন আৰু বৰ্তমানৰ সভাপতি ক্ৰমে আবুল হাচান আল কামান আৰু অনুৰূদ্ধ ডেকা,লেখিকা কৰৱী লিগিৰা,মিনতি দেৱী কাকতি,কৰৱী শইকীয়া,দক্ষিণা দেৱী গজুৰেল,কবি কুমাৰ বিভুতি, শিক্ষক-সাংবাদিক সমীৰ হাজৰিকাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য লোক উপস্থিত থাকে। অনুষ্ঠানৰ শেষত সদ্য প্ৰয়াত সংগীত শিল্পী আতিকুৰ ৰহমান আৰু দীগেন মহন্তৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট মৌনপ্ৰাৰ্থনা কৰা হয়। সঞ্জীৱ সাগৰ চৌধুৰীয়ে প্ৰদান কৰা শলাগৰ শৰাইৰ পিছতে “কাব্য-মন্ত্ৰ”ৰে গজল সন্ধ্যাটিৰ সামৰণি মৰা হয়।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk