নগাঁৱৰ জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ ২৬ আৰু ২৭অক্টোবৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ
নিউজ ব্যুৰ’,নগাঁও,২৩ অক্টোবৰ :– ১৯৪৪ চনতেই স্থাপন হোৱা নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ
বিদ্যালয়খন অঞ্চলটোৰ বাবেই গৌৰৱৰ স্থল। বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। প্ৰজন্মৰ পিছত প্ৰজন্মই শৈক্ষিক দিশত উত্তৰণ ঘটাই সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। ৮০বছৰ গৰকা এই বিদ্যালয়খনে দক্ষ উপায়ুক্ত,চিকিৎসক, অভিযন্তা,বুদ্ধিজীৱি,সফল ব্যৱসায়ী, ৰাজনীতিবিদকে ধৰি সকলো ক্ষেত্ৰতেই অসংখ্যজন মানৱ সম্পদক জীৱনৰ আলিপথ দেখুৱাই দিছে। এই বিদ্যালয় খনত অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল অহা ২৬ আৰু ২৭ অক্টোবৰত বিদ্যালয়ৰ প্ৰাংগনত সমবেত হ’ব৷ বুকুত হেঁপাহ গোটাই সকলো সাজু হৈছে উক্ত দিন দুটিলৈ । লগ পাব সকলোৱে পুৰণি সহপাঠীক । ইতিমধ্যে প্ৰায় এক বছৰ আগতেই বক্তাৰ হুছেইনক সভাপতি আৰু পৰমানন্দ ডেকাক সম্পাদক হিচাপে লৈ এখন বৃহৎ সমিতি গঠন কৰি প্ৰস্ততিৰ কাম আৰম্ভ কৰা হৈছিল। সমাৰোহ সমিতিয়ে অঞ্চলটোৰ পৰা বাহিৰত থকা প্ৰায়বোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ নিমন্ত্ৰণ জনাইছে। সমাৰোহ সমিতিৰ সম্পাদকে জানিবলৈ দিয়া মতে অহা ২৬ অক্টোবৰত পতাকা উত্তোলনৰ পিছতেই এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে। এই শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেতা “মোহন ” খ্যাত দিপজ্যেতি কেওট আৰু অভিনেত্ৰী কিংকিনি ভটাচায্যই ভাগ ল’ব। বিয়লিলৈ আয়োজন কৰা হৈছে গুৰুবন্দনা আৰু সতীৰ্থ সন্মিলনৰ ।সন্ধিয়া ৭বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ৰং ধেমালিৰ সাংস্কৃতিক অনুষ্ঠান “ৰামধেনু” আৰু ২৭ অক্টোবৰত পুৱাৰ ভাগত আয়োজন কৰা হৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী “প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুৱ মানসিকতা আৰু সামাজিক দায়বদ্ধতা” শীৰ্ষক আলোচনা চক্ৰ। দুপৰীয়া মুকলি কুইজৰ অনুষ্ঠান । বিয়লি মুকলি সভাত স্মৃতিগ্ৰন্থ “এনাজৰী” উন্মোচন কৰা হ’ব। সভাত নিদিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছে সাহিত্যিক নন্দ সিং বৰকলা আৰু ইছমাইল হুছেইনক । সন্ধিয়া দিক্ষুৰ সাংস্কৃতিক অনুষ্ঠানেৰে সমাৰোহৰ সামৰণি পৰিব। উদ্যোক্তা তথা সমাৰোহ সমিতিয়ে উক্ত দুয়োটাদিনৰ সকলো কাৰ্যসূচীত সকলোকে উপস্হিত থাকি সহায়-সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও