উন্নয়নৰ পৰা বঞ্চিত বিটিচিৰ গুমা সমষ্টি!

উন্নয়নৰ পৰা বঞ্চিত বিটিচিৰ গুমা সমষ্টি!

ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তবৰ্তী তথা বিটিচিৰ গুমা সমষ্টিৰ ৰাইজে নাপালে উন্নয়ন। বিভিন্ন সমস্যাৰে জৰ্জৰিত মুছলঝৰা ভিচিডিচিৰ বহু গাওঁ।গাঁৱৰ যাতায়ত ব্যবস্থাই উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে। গাঁৱৰ মাজেৰে যোৱা পুখুৰী সদৃশ পথে গাঁওবাসীৰ লগতে ছাত্ৰ -ছাত্ৰীক বিপদত পেলাইছে।অকল ৰাস্তাই নহয়,প্ৰায় ৩০০ পৰিয়াল থকা গাওঁখনত নাই প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা,নাই খোৱাপানীৰ ব্যৱস্থা,নাই শিক্ষাৰ ব্যৱস্থা আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত উক্ত মুছলঝৰা অঞ্চল । জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত গাওঁবাসী।

বিগত বছৰবোৰত বিপিএফ,এআইইউডিএফ,কংগ্ৰেছ আদি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি জয়ী হয় যদিও ৰাইজে উন্নয়ন দেখা নাই । সেয়ে এইবেলি ৰাইজে বিজেপি দলৰ প্ৰতিনিধিক জয়ী কৰাব বুলি উল্লেখ কৰে। স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা গুমা সমষ্টিৰ মুছলঝৰা গাওঁৰ পথৰ প্ৰায় ১০ কিলোমিটাৰ পুখুৰী সদৃশ পথৰ মেৰামতি কৰে স্থানীয় সমাজসেৱক জেঠমুল মালু ওৰফে ঠুনিয়াই।নিজৰ গাঠিৰ ধন খৰচ কৰি পথটো মেৰামতি কৰা মালুৰ এনে কাৰ্য্যক গাওঁবাসীয়ে ধন্যবাদ জনোৱাৰ লগতে আশাবাদী উক্ত গাওঁখনৰ বিভিন্ন সমস্যাৰ সমাধান হব বুলি।

Desk GT News

Desk GT News