কৌন বনেগা কৰৌৰপটিত উজ্বলিল তেজপুৰৰ ত্ৰিতীঃ বিগ বিক দিলে টাইকোৱানডোৰ টিপছ!

কৌন বনেগা কৰৌৰপটিত উজ্বলিল তেজপুৰৰ ত্ৰিতীঃ বিগ বিক দিলে টাইকোৱানডোৰ টিপছ!

চনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ কৌন বনেগা কৰৌৰপটিত জিলিকিল এগৰাকী অসম কন্যা। নিজৰ দৃঢ়তা, একাগ্ৰতা আৰু বৌদ্ধিক দক্ষতাৰে এই জনপ্ৰিয় শ্ব’টোত প্ৰশংসা বুটলে ত্ৰিতী ৰঞ্জনা নামৰ অসমৰ এগৰাকী কিশোৰীয়ে।

বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনে সঞ্চালনা কৰা কৌন বনেগা কৰৌৰপটিৰ ছিজন ১৬ৰ জুনিয়ৰ শাখাত হটচিটলৈ নিৰ্বাচিত হোৱাৰ পিছত ত্ৰিতীয়ে ১৩ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দি জয় কৰে ২৫ লাখ টকাৰ পুৰস্কাৰ।

পঞ্চম শ্ৰেণীত অধয়নৰত ত্ৰিতী তেজপুৰৰ বাসিন্দা। তেওঁৰ পিতৃ ত্ৰিদিপ শৰ্মা তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক। কেবিচিৰ হটচিটত বহি নিজৰ বৌদ্ধিক দক্ষতা আৰু বাকপটুতাৰে সকলোকে আকৰ্ষিত কৰা ত্ৰিতীয়ে বিগ বিক অনুষ্ঠানৰ মাজতে দিয়ে টাইকোৱানডোৰ টিপচ।

দৃঢ়মনা ত্ৰিতীয়ে ভৱিষ্যতে ভাৰতীয় নৌসেনাত যোগদান কৰি দেশৰ সেৱা কৰাৰ সপোন পুহি ৰাখিছে মনত। নিজৰ এই আশা প্ৰকাশ কৰাৰ পিছতে অমিতাভ বচ্চনে উচ্চ প্ৰশংসা কৰে ত্ৰিতীক। লগতে অনুষ্ঠানত উপস্থিত থকা দৰ্শকসকলেও তেওঁক হাত চাপৰিৰে সঁহাৰি জনায়।

ত্ৰিতীৰ এই স্বপ্নৰ প্ৰশংসা কৰি অমিতাভ বচ্চনে এনে শক্তিশালী দৃষ্টিভংগী আৰু সপোন থকা কিশোৰ-কিশোৰী দেখাটো বিৰল বুলি মন্তব্য কৰে। অনুষ্ঠানত বিগ বিক অসমীয়া জাতিৰ গৌৰৱ গামোচাৰে সম্বৰ্ধনা জনায় ত্ৰিতীয়ে।

Desk GT News

Desk GT News