অপূৰ্ব দেৱ শৰ্মালৈ “সমাজ হিতৈষী বঁটা ২০২৫”

অপূৰ্ব দেৱ শৰ্মালৈ “সমাজ হিতৈষী বঁটা ২০২৫”

 

আজি জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত N24 Assam ৰ অসম নাচোন অনুষ্ঠানতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলাৰ বিশিষ্ট সমাজকৰ্মী তথা বীণাপাণি জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মালৈ এই বৰ্ষৰ “সমাজ হিতৈষী বঁটা ২০২৫” আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বিশেষ বিশেষ বঁটা প্ৰদান কৰে। উল্লেখ্য যে অপূৰ্ব দেৱ শৰ্মাই বিগত সময়ত বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগতে শৈক্ষিক ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে সদায় সমাজৰ হকে কাম কৰি আহিছে। নি স্বাৰ্থ ভাৱে কাম কৰি অহাৰ বাবে অপূৰ্ব দেৱ শৰ্মালৈ আজি আনুষ্ঠানিক ভাৱে “সমাজ হিতৈষী বঁটা ২০২৫” বঁটা প্ৰদান কৰে।

Desk GT News

Desk GT News

Related