দুমুনিচকীৰ অনুষ্ঠানত কণ্ঠশিল্পীলৈ অবহেলা

দুমুনিচকীৰ অনুষ্ঠানত কণ্ঠশিল্পীলৈ অবহেলা

গুৱাহাটী: বিগত শনিবাৰে, ১০ জানুৱাৰীত নিমন্ত্ৰণ অনুসাৰে দুমুনিচকীত অনুষ্ঠিত হোৱা এখন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ উদ্দেশ্যে এগৰাকী শিল্পী উপস্থিত হৈছিল। অনুষ্ঠানটোৰ সমিটিয়ে দিয়া সময় অনুসৰি সন্ধিয়া ৮:৩০ বজাত কণ্ঠশিল্পীগৰাকী অনুষ্ঠানস্থলীত উপস্থিত হয় যদিও অনুষ্ঠান সূচীত দীঘলীয়া বিলম্বৰ বাবে প্ৰায় চাৰিঘণ্টা অপেক্ষা কৰিবলগীয়া হয়।

 

দীঘলীয়া অপেক্ষাৰ পাছতো পৰিবেশনৰ সুযোগ নোপোৱাত আৰু ৰাতি প্ৰায় ১টা বাজি পাৰ হোৱাত শিল্পীগৰাকীয়ে বিনা পৰিবেশনেই ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হয়।

 

ঘটনাটোৱে কণ্ঠশিল্পীগৰাকীক মানসিকভাৱে ব্যথিত কৰিছে বুলি জানিবলৈ দিয়ে।

 

এগৰাকী কণ্ঠশিল্পী হিচাপে যথাযথ প্ৰস্তুতি আৰু সময় ব্যয় কৰাৰ পাছতো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ’ব লগা ঘটনাই শিল্পীসকলৰ মনোবলত প্ৰভাৱ পেলায় বুলি উল্লেখ কৰি, তেখেতে সংশ্লিষ্ট বিষয়াসকলক ভৱিষ্যতে শিল্পীসকলৰ সময় আৰু পৰিশ্ৰমৰ প্ৰতি অধিক সংবেদনশীল হ’বলৈ আহ্বান জনোৱা হৈছে।

 

লগতে, অনুষ্ঠানত অংশগ্ৰহণ কৰা অন্যান্য শিল্পীসকলকো আমন্ত্ৰণ গ্ৰহণ কৰাৰ পূৰ্বে অনুষ্ঠানৰ সময়সূচী আৰু ব্যৱস্থাপনা বিষয়ে স্পষ্টতা নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Desk GT News

Desk GT News

Related