গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন

গহপুৰৰ ধোপাবৰত ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান সম্পন্ন

 

 

 

 

গহপুৰ, ২৭ জানুৱাৰীঃ গাঁওসমূহৰ কণ কণ শিশুৰ মনৰ পৰা মঞ্চভীতি দূৰ কৰাৰ উদ্দেশ্যে চোতালকেই মঞ্চ হিচাপে গঢ়ি তোলাৰ এক অনন্য প্ৰয়াস হিচাপে পৰিচিত ‘চোতালৰ ৰেঙণি’ শীৰ্ষক অনুষ্ঠান গহপুৰৰ ধোপাবৰত সফলতাৰে সম্পন্ন হয়। গণতন্ত্ৰ দিৱস দিনাই অনুষ্ঠিত হোৱা এই অনুষ্ঠানে বিগত বৰ্ষৰ দৰেই এইবাৰো শতাধিক লোকৰ উপস্থিতিত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজত অনুষ্ঠিত হয়। শিশুসকলৰ প্ৰতিভা বিকাশৰ লগতে সামাজিক মেলবন্ধন দৃঢ় কৰাৰ লক্ষ্যৰে আয়োজন কৰা ‘চোতালৰ ৰেঙণি’ অনুষ্ঠান ভৱিষ্যতেও অব্যাহত থাকিব বুলি ৰেঙণি পৰিয়ালে আশা ব্যক্ত কৰে।

Desk Admin

Related