কেইবাখনো সভাত অংশ লৈ NDA ৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মাৰাথন প্ৰচাৰ অভিযান
গুৱাহাটী, ৩০ মাৰ্চ: নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকা অৱস্থাত যুগ্ধংদেহী তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আজি NDAৰ প্ৰাৰ্থী হৈ কেইবাখনো নিৰ্বাচনী সভাত অংশ ল’লে জয়ন্ত মল্লবৰুৱাই। আজি প্ৰতিকুল বতৰৰ বাবে বিলাসীপাৰাত অনুষ্ঠিত সভাত উপস্থিত থাকিব নোৱাৰিলেও NDAৰ প্ৰাৰ্থী জিৱেশ ৰায়ৰ সমৰ্থনত ফোনযোগে সহস্ৰাধিক ৰাইজক সম্বোধন কৰে। ইয়াৰ পাছতেই বজালীৰ নিত্যানন্দত অনুষ্ঠিত আন এক বিশাল জনসভাত উপস্থিত থাকে। সমষ্টিটোত NDA সমৰ্থিত প্ৰাৰ্থী অসম গণ পৰিষদৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়ৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে নলবাৰীৰ টিহু আৰু খাতিকুছিত বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। খাতিকুছিত নিৰ্বাচনী সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত নলবাৰীত গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰে। সভাত খাতিকুছি আৰু ঘগ্ৰাপাৰাত আন দুখন ষ্টেডিয়াম নিৰ্মাণৰ কথাও ঘোষণা কৰে জয়ন্ত মল্লবৰুৱাই। আগন্তুক সময়ত নলবাৰীত অধিক উচ্চ শিক্ষা প্ৰতিষ্ঠান, চিকিৎসা প্ৰতিষ্ঠান, অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ নিৰ্মাণৰে নলবাৰীৰ সামগ্ৰিক উন্নয়নৰ বাৰ্তা দিয়ে মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনত বিজেপি জয়ী হ’লে চাউল, দাইল, চেনীৰ লগতে মিঠাতেল বিনামূলীয়াকৈ লাভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। উন্নয়নৰ লগতে বিজেপি চৰকাৰে অসমৰ ঐতিহ্য- সংস্কৃতি ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱা বুলি তেওঁ উল্লেখ কৰে। বিজেপি চৰকাৰে শংকৰদেৱৰ জন্মস্থান বৰদোৱাত বেদখলকাৰীক উচ্ছেদ কৰি বিশাল প্ৰকল্প নিৰ্মাণৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ডেৰ লাখ বিঘা মাটি উচ্ছেদকাৰীৰ কৱলৰ পৰা মুকলি কৰা বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দোহাৰে।