কংগ্ৰেছৰ দিনত দুৰ্নীতি, ভ্ৰষ্টাচাৰৰহে দপদপনি আছিল, হাজো-শুৱালকুছিত প্ৰচাৰ চলাই জয়ন্ত মল্লবৰুৱাৰ মন্তব্য
কংগ্ৰেছৰ দিনত দুৰ্নীতি, ভ্ৰষ্টাচাৰৰহে দপদপনি আছিল, হাজো-শুৱালকুছিত প্ৰচাৰ চলাই জয়ন্ত মল্লবৰুৱাৰ মন্তব্য
গুৱাহাটী, ৪ এপ্ৰিল: কংগ্ৰেছৰ দিনত দুৰ্নীতি, ভ্ৰষ্টাচাৰৰহে দপদপনি আছিল। কংগ্ৰেছে কেৱল জনতাক শোষণ কৰিছে। কংগ্ৰেছৰ সময়ত চৰকাৰী আঁচনিৰ ধন দৰিদ্ৰৰ পৰিৱৰ্তে মধ্যভোগীৰ পকেটলৈ গৈছিল। আজি হাজো-শুৱালকুছিত এন ডি এ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ হৈ প্ৰচাৰ চলাই এই মন্তব্য জয়ন্ত মল্লবৰুৱাৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা দিন থকা অৱস্থাত আগ্ৰাসী প্ৰচাৰ অভিযানত নামি পৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। আজি ৰামদিয়াৰ ঐতিহাসিক ভঠেলি খোলাত প্ৰকাশ চন্দ্ৰ দাসৰ সমৰ্থনত আয়োজিত এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিৰোধী কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে। হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিয়ে আজিৰ এই সভাক এক বিশাল জনসমুদ্ৰলৈ ৰূপান্তৰিত কৰে। ভাষণত নাম উল্লেখ নকৰাকৈ গৌৰৱ গগৈক কঠোৰ সমালোচনা জয়ন্তমল্ল বৰুৱাৰ। নিজৰ পুত্ৰ-কন্যাক বিদেশী নাগৰিকত্ব দি ৰখা কংগ্ৰেছ দলৰ সভাপতিৰ নেতৃত্বত ৰাজ্যখনৰ উন্নয়ন অসম্ভৱ বুলি মন্তব্য জয়ন্ত মল্লবৰুৱাৰ। ইয়াৰ পূৰ্বে নলবাৰীৰ বিধানসভা সমষ্টিৰ বাঁহজানী মণ্ডলত এক নিৰ্বাচনী সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে। সন্ধিয়া, নলবাৰীৰ বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত আন এক সভাত অংশ লৈ বিগত সময়ছোৱাত নলবাৰীত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ কথা বৰ্ণনা কৰি পুনৰ বিজেপিক ভোটদানৰ আহ্বান জনালে জয়ন্ত মল্লবৰুৱাই।