কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ৰ নতুন ঠিকনা হ’ব ৰূপনগৰ, নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
- কাছাৰীৰ পাছত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ হৈছিল হেঙেৰাবাৰীলৈ।
- বৰ্তমানেও অস্থায়ীভাৱে হেঙেৰাবাৰীৰ পৰাই চলি আছে জিলা আয়ুক্তৰ কাৰ্যালয়I সম্পূৰ্ণ দুটা বছৰৰ পাছত আকৌ স্থায়ী ঠিকনাৰ বাবে সাজু হৈছে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয়।
- ১৫ আগষ্টত মুকলি হ’ব নৱনিৰ্মিত কাৰ্যালয়টো। সোমবাৰে মুখ্যমন্ত্ৰীয়ে তন্ন-তন্নকৈ বুজ ল’লে নিৰ্মাণকাৰ্যৰ।
- ১৫ আগষ্টৰ ভিতৰত কাৰ্যালয়টো মুকলি কৰি দিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েI ৪ মহলীয়া এই কাৰ্যালয়টোত জিলিকিছে অসমীয়াৰ কৃষ্টি-সংস্কৃতি। প্ৰৱেশদ্বাৰত জিলিকিছে বাঁহ বেতেৰে সজা দুখন শৰাই।
- স্বাভাৱিকতেই এই কাৰ্যালয়টো মুকলি হ’লে সুবিধা হ’ব সাধাৰণ লোকৰোI কাৰণ, সৰু পথ আৰু পাৰ্কিঙৰ অসুবিধাৰ বাবে বৰ্তমানৰ কাৰ্যালয়টোলৈ আহি ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় সাধাৰণ লোক।