কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ৰ নতুন ঠিকনা হ’ব ৰূপনগৰ, নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয়ৰ নতুন ঠিকনা হ’ব ৰূপনগৰ, নিৰ্মাণকাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে
  • কাছাৰীৰ পাছত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ হৈছিল হেঙেৰাবাৰীলৈ।
  • বৰ্তমানেও অস্থায়ীভাৱে হেঙেৰাবাৰীৰ পৰাই চলি আছে জিলা আয়ুক্তৰ কাৰ্যালয়I সম্পূৰ্ণ দুটা বছৰৰ পাছত আকৌ স্থায়ী ঠিকনাৰ বাবে সাজু হৈছে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংহত কাৰ্যালয়।
  • ১৫ আগষ্টত মুকলি হ’ব নৱনিৰ্মিত কাৰ্যালয়টো। সোমবাৰে মুখ্যমন্ত্ৰীয়ে তন্ন-তন্নকৈ বুজ ল’লে নিৰ্মাণকাৰ্যৰ।
  • ১৫ আগষ্টৰ ভিতৰত কাৰ্যালয়টো মুকলি কৰি দিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েI ৪ মহলীয়া এই কাৰ্যালয়টোত জিলিকিছে অসমীয়াৰ কৃষ্টি-সংস্কৃতি। প্ৰৱেশদ্বাৰত জিলিকিছে বাঁহ বেতেৰে সজা দুখন শৰাই।
  • স্বাভাৱিকতেই এই কাৰ্যালয়টো মুকলি হ’লে সুবিধা হ’ব সাধাৰণ লোকৰোI কাৰণ, সৰু পথ আৰু পাৰ্কিঙৰ অসুবিধাৰ বাবে বৰ্তমানৰ কাৰ্যালয়টোলৈ আহি ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় সাধাৰণ লোক।
Desk GT News

Desk GT News

Related