কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী এছ এফ আইৰ
📌শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষা আৰু শিক্ষাখণ্ডৰ বিসংগতিৰ বিৰুদ্ধে নেহৰু পাৰ্কৰ সন্মুখত এছ এফ আইৰ প্ৰতিবাদ
নীট ইউজি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, ৰাজহুৱা বিদ্যালয় বন্ধ, চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিসংগতি তথা চৰকাৰী মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ পৰিকল্পিত ধ্বংসৰ বিৰুদ্ধে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবীৰে আজি গুৱাহাটীত এছ এফ আইয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শেহতীয়া বিভিন্ন কেন্দ্ৰীয় পৰীক্ষাৰ খেলিমেলিয়ে দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত বিপদাপন্ন কৰি তুলিছে। তথ্য অনুসৰি, কেৱল NEET-UG-ৰ কেলেংকাৰীৰ বাবেই ২০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিবলগীয়া হৈছে। ২০১৫ চনৰ পৰা বৰ্তমানলৈকে দেশত ১৪৮ টা পৰীক্ষা সংক্ৰান্তীয় বিসংগতি সংঘটিত হৈছে।
প্ৰতিবাদত উপস্থিত থাকি এছ এফ আইৰ সৰ্বভাৰতীয় সম্পাদক সৃজন ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু NTA (National Testing Agency) বাতিলৰ দাবী জনায়।
সৰ্বভাৰতীয় সম্পাদক সৃজন ভট্টাচাৰ্যই অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ “কাৰ্বন কপী” আখ্যা দি তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে শিক্ষামন্ত্ৰীগৰাকীৰ কাৰ্যকালত অসমৰ ৰাজহুৱা শিক্ষাখণ্ড ধ্বংসৰ গৰাহত পৰিছে। ইতিমধ্যে ৰাজ্যৰ ৮ হাজাৰতকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ হৈছে। ইয়াৰ উপৰি, চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ খেলিমেলিৰ বাবে শিক্ষক-শিক্ষাৰ্থীসকলে সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াৰ প্ৰভাৱত কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম বন্ধ হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। আনহাতে, পৰ্যাপ্ত চৰকাৰী পুঁজিৰ অভাৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অত্যধিক মাচুল ভৰিবলগীয়া হৈছে, যিটো শিক্ষাৰ্থীৰ মৌলিক অধিকাৰৰ ওপৰত এক আঘাত। নিজৰ পুঁজি চৰকাৰী মহাবিদ্যালয়- বিশ্ববিদ্যালয়ক নিজেই গোটোৱাৰ দায়িত্ব অৰ্পণ কৰি চৰকাৰী দায়িত্বৰ পৰা হাত সাৰিবলৈ বিচৰা ৰাজ্যিক শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰা উচিত বুলি সম্পাদক গৰাকীয়ে মন্তব্য প্ৰদান কৰে।
প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি এছ এফ আইৰ ৰাজ্যিক সম্পাদক ৰাজদ্বীপ মহন্তই হুংকাৰ দিয়ে যে চৰকাৰী শিক্ষাখণ্ড, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ ৰক্ষা কৰাৰ স্বাৰ্থত আগন্তুক দিনত সমগ্ৰ অসমৰ গাঁৱে-ভূঞে, জিলা পৰ্যায়ত এছ এফ আইয়ে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক ধংসৰ পৰা বচাবলৈ ৰাজ্যজুৰি এক বৃহৎ সামাজিক আন্দোলন গঢ়ি তোলা হ’ব বুলি তেওঁ ঘোষণা কৰে।