২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৪
বৃহস্পতিবাৰে সন্ধিয়া সামাজিক মাধ্যম ফেচবুকত লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। লাইভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। ফেচবুকত লাইভযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রতিশ্রুতি অনুসৰিয়েই অসমত ২ লাখ চাকৰি দিয়াৰ লক্ষ্যত ইতিমধ্যে হাতে কামে লাগিছে ৰাজ্য চৰকাৰ। অৰুণোদয় আঁচনি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্রী <ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীয়ে কয় যে অহা ৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি। ইয়াৰ জৰিয়তে হিতাধিকাৰীসকলক নতুন চৰকাৰৰ প্ৰথমটো কিস্তিৰ ধন প্ৰদান কৰা হ’ব। তদুপৰি, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অহা ৬ আৰু ৭ আগষ্টত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব। ছেপ্টেম্বৰ মাহৰ পৰাই দুয়োখন আঁচনিৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীসকলে। তদুপৰি, ৰেচন কাৰ্ডৰ যোগান সন্দর্ভতো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আগষ্ট মাহৰ পৰাই চাউল, চেনি, দালি যোগানৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব। লগতে ‘জীৱন প্ৰেৰণা’ আঁচনিখনো ছেপ্টেম্বৰ মাহৰ পৰাই কাৰ্যকৰী হ’ব।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয় যে, “গুৱাহাটীৰ উৰণসেতুত নির্মাণ হ’ব ওলোমা বাগিচা। ৰাইজে বিচাৰিলে ভিন্ন নগৰলৈ সম্প্ৰসাৰণ হ’ব এই ধৰণৰ বাগিচা। বর্তমানলৈ বানে ভয়ানক ৰূপ ধাৰণ কৰা নাই। তাৰমাজতো লখিমপুৰ, ধেমাজিৰ ৰাইজে কষ্ট ভোগ কৰিবলগা হৈছে। চৰকাৰে সকলো প্ৰকাৰে সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ। দুঃখৰ সময়ত সকলোৰে সৈতে থিয় দি থাকিম। এই মুহূর্তলৈকে কোনো মথাউৰি > ভঙা নাই। সমান্তৰালভাৱে আমাৰ চিন্তাৰ বিষয় হৈ পৰিছে গড়াখহনীয়া। মই নিজে ১-২ আগষ্টত ডিব্ৰুগড়ৰ গৰাখহনীয়াৰ অঞ্চললৈ যাম।”
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয় যে, “এইবাৰ বিধানসভাত কেইবাখনো গুৰুত্বপূর্ণ আইন উপস্থাপন কৰিম। কামাখ্যা মন্দিৰতো কাশী, বিশ্বনাথৰ দৰে কৰিডৰ নিৰ্মাণ হ’ব। ২০২৪ চনতে প্ৰধানমন্ত্ৰীয়ে কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিল। উচ্চ ন্যায়ালয়ত বিষয়টো চলি থকাৰ বাবে নিৰ্মাণকাৰ্য স্থবিৰ হৈ আছিল। ৫০০ কোটি টকা ব্যয়ৰে কামাখ্যা কৰিৰ্ডৰৰ কাম আজিৰে পৰা আৰম্ভ হৈছে।”
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “মধুপুৰ সত্ৰক সজাই পৰাই তোলাৰ ব্যৱস্থা কৰা হৈছে।
<
পশ্চিমবংগ চৰকাৰৰ সৈতে এই বিষয়ে আলোচনা কৰা হৈছে। সৌন্দর্যবর্ধনৰ বাবে ৩৫ কোটি টকা ধাৰ্য কৰা হৈছে। এইবাৰ আমি কাৰেংঘৰক সুন্দৰভাৱে সজোৱাৰ প্ৰচেষ্টা হাতত লৈছোঁ”।
“ধুৰন্ধৰ চিনেমাৰ পৰিচালক আদিত্য ধৰৰ সৈতে টেলিফোনত কথা পাতিছিলোঁ। লাচিত বৰফুকনৰ বিষয়ত চলচ্চিত্র নির্মাণ সম্পর্কে কথা পতা হৈছিল।
আদিত্য ধৰে আগষ্ট মাহত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছে”, বুলিও কয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, “১০ লাখৰো অধিক পৰিয়াল মিছন বসুন্ধৰাৰ জৰিয়তে উপকৃত হৈছে। ২৫ ডিচেম্বৰৰ পৰা মিছন বসুন্ধৰা ৪ আৰম্ভহ’ব। বসুন্ধৰা সম্পৰ্কে পৰামৰ্শ ল’বলৈ এটা পর্টেল খোলা হ’ব। সেই প’ৰ্টেলত অসুবিধা আৰু পৰামৰ্শসমূহ জনাব পাৰিব। অসমৰ আদিম জনগোষ্ঠী হিচাপে মৰাণ-মটকক কেনেকৈ বনভূমিত মাটি দিব পাৰি চিন্তা কৰা হৈছে।”
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয়, “মোক হোৱাটছএপত বহুতে মেছেজ কৰি আছে। ‘ককাদেউতা নাতি আৰু হাতী’ত গান গোৱা ল’ৰাজন ময়েই হয়নে বুলি প্ৰশ্ন কৰিছে। মোৰ তেতিয়া বয়স আছিল ৯ বছৰ। এতিয়া ইউটিউবত চালে নিজকে মই ধৰিব নোৱাৰোঁ। মই যেতিয়া চিনেমাখন কৰিছিলোঁ শুটিং হৈছিল কামপুৰত। যিখন দলঙৰ ওপৰত শুটিং কৰিছিলোঁ মুখ্যমন্ত্রী হোৱাৰ পাছতে মই তাতে আৰু এখন দলং উদ্বোধন কৰিছিলোঁ। মই মোৰ বিষয়ে আত্মজীৱনী লিখিলে ‘ককাদেউতা নাতি হাতী’ৰ কথা নিশ্চিতভাৱে লিখিম।”
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয়, “CMAAAৰ কেইবাটাও পর্যায় আছে। প্রথমে ২৫ হাজাৰ যুৱকক ১ লাখকৈ টকা দিছিলোঁ, তাৰে ১২,৫০০ যুৱক পুনৰ ১ লাখ টকা পাবলৈ উপযুক্ত হ’ল। এতিয়া প্রথম কাম হ’ব বাকী ৰোৱা ১৩ হাজাৰক পুনৰীক্ষণ কৰা। যি আৰু ১ লাখ টকা পোৱাৰ যোগ্য তেওঁলোকক ১ লাখ প্ৰদান কৰা হ’ব। নিৰ্বাচনৰ পূৰ্বে ৭৫ হাজাৰ যুৱক-যুৱতীক ৭৫ হাজাৰ টকাকৈ দিছিলোঁ। এতিয়া তেওঁলোকে ৩ দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। প্রশিক্ষণ সম্পূর্ণ হ’লে বাকী ২৫ হাজাৰ টকা দিয়া হ’ব। বাজেটত ঘোষণা কৰা অনুসৰি আৰু ৫০ হাজাৰ যুৱকক CMAAAৰ বাবে বাছনি কৰা হ’ব।”