ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক হিচাপে নিযুক্ত অসমৰ সুৰঞ্জনা দত্ত
অসমৰ সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ নিযুক্ত হৈছে। প্ৰথমগৰাকী অসমীয়া মহিলা দত্তই এই পদত নিযুক্তি পাইছে। কটন কলেজৰ পৰা সুখ্যাতিৰে ডিগ্ৰী পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি বাইদেৱে ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে ।চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে কাম কৰাৰ ওপৰিও কিছুদিন তেখেত জাপানতো কৰ্মৰত আছিল। সুৰঞ্জনা দত্তৰ কেৰিয়াৰ আৰু কৰ্মৰাজি বহু অসমীয়াৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেখেতক আমিও অভিনন্দন জ্ঞাপন কৰিলোঁ।