গাহৰি,কুকুৰা মাংসৰ আচাৰ প্ৰস্তুতেৰে স্বাৱলম্বীতাৰ পথ সুগম কৰিছে টীয়কৰ উপাসনাই
টীয়কৰ প্ৰতিবেদক ১৪ জুন /২৩
অসমৰ খাদ্য ৰসিকসকলৰ বাবে সুখবৰ।কিয়নো এইবাৰ টীয়কত প্ৰস্তুত হৈছে বিভিন্ন সুস্বাদু মাংসৰ আচাৰ।এতিয়া প্ৰতিটো মুহূৰ্ততে নিজ নিজ প্ৰিয় মাংসৰ সোৱাদ ল’ব পাৰিব আপোনালোকে।হয় টীয়কৰ চাউদাংগাঁৱৰ উপাসনা ফুকন নামৰ এগৰাকী বোৱাৰীয়ে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কুকুৰা আৰু গাহৰি মাংসৰ আচাৰ প্ৰস্তুত কৰি ইতিমধ্য বাৰুকৈ সমাদৰ লাভ কৰিছে।উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ অনান্য ৰাজ্যৰ লগতে বৰ্তমান অসমতো গাহৰি মাংসৰ চাহিদা অধিক,এনে জনজাতীয় খাদ্য পাবলৈ বিচাৰিলেও সকলো সময়তে অসমত সহজলভ্য নহয়, সেয়ে বহুবাৰ চাকৰি বিচাৰি আবেদন কৰি শেষত সফলতা নাপাই শিক্ষিত এইগৰাকী অসমীয়া থলুৱা খাদ্য প্ৰস্তুতত অতিকৈ আগ্ৰহী বোৱাৰীয়ে লগৰ একাংশ বন্ধুবৰ্গ তথা পৰিয়ালৰ পৰামৰ্শ মতে এই ব্যৱসায় আৰম্ভ কৰিছে।প্ৰথম অৱস্থাত ঘৰুৱা আত্মীয় কুটুম্বৰ মাজত মাংসৰ আচাৰে অধিক জনপ্ৰিয় হোৱাৰ পাছতে লাহে লাহে দুই এক অৰ্ডাৰ লৈ বজাৰলৈ উলিয়াই দিছিল।আৰু বৰ্তমানৰ বজাৰত যিহেতু ইয়াৰ চাহিদা বৃদ্ধি পাইছে গতিকে এতিয়া নিতৌ ১২ৰ পৰা ১৫ কেজি পৰ্যন্ত মাংসৰ আচাৰ প্ৰস্তুত কৰিবলগীয়া এটা পৰিবেশ পাবলৈ সক্ষম হৈছে উপাসনা।উল্লেখযোগ্য এই যে থলুৱা ভোট জলকীয়া,বাহ গাজ,আদা,নহৰুৰ লগতে খাটি সৰিয়হৰ তেলৰ মিশ্ৰণ কৰি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে অতিকৈ সুগন্ধি তথা সুস্বাদুকৈ প্ৰস্তুত কৰি ‘ভোজন বিলাস’ নামেৰে বজাৰত মুকলি কৰিছে এই আচাৰ আৰু এয়া প্ৰায় ছয়মাহ পৰ্যন্ত সংৰক্ষণ কৰিব পৰা হ’ব বুলি জানিব পৰা গৈছে।সেয়ে আগলৈও যাতে এইদৰে তেওঁ আগুৱাই যাব পাৰে তাৰে আশা কৰি সমূহ ৰাইজৰে সহায় সহযোগ দিহা পৰামৰ্শ বিচাৰিছে উদিয়মান উদ্যোগী গৃহিণী উপাসনা ফুকনে।